নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ আগষ্ট : ভি বি চন্দ্ৰশেখৰৰ আত্মহত্যা । চেন্নাইৰ নিজ বাসগৃহত বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ গৰাকীয়ে আত্মহত্যা কৰে । ৫৭ বছৰ বয়সত মৃত্যু হয় ক্ৰিকেটাৰগৰাকীৰ ।

মাইলাপোৰস্থিত বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় চন্দ্ৰশেখৰৰ মৃতদেহ। অৱশ্যে কোনো ধৰণৰ চুইছাইড নোট উদ্ধাৰ হোৱা নাই । ভি বি চন্দ্ৰশেখৰৰ পত্নীয়ে আৰক্ষীক জানিবলৈ দিয়া অনুসৰি আৰ্থিক অনাটনৰ বাবে ভাৰাক্ৰান্ত হৈ আছিল প্ৰাক্তন অপেনাৰ গৰাকীয়ে।

উল্লেখযোগ্য যে দেশৰ বাবে সাতখন এদিনীয়া খেলাৰ উপৰিও প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো সুন্দৰ প্ৰদৰ্শন কৰিছিল চন্দ্ৰশেখৰে । তামিলনাডুৰ হৈ ১৯৮৭-৮৮ ত মৰসুন ৰঞ্জিত ট্ৰফীও জিকিছিল ক্ৰিকেটাৰ গৰাকীয়ে । প্রাক্তন অপেনাৰগৰাকীৰ এনে মৃত্যুত শোকস্তব্ধ ক্ৰিকেট জগত ।