হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে। জিলাখনত ভয়াবহভাৱে বৃদ্ধি পলাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ। সোমবাৰে বিয়লি ৪ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদ সীমাৰ ৪২ ছেণ্টিমিটাৰ ওপৰেৰে বৈছে। ইফালে ধুবুৰী জিলাৰ অন্তৰ্গত দক্ষিণ শালমাৰাত বানৰ মাজতে মহাবাহুৰ গৰাখহনীয়াই তাণ্ডৱলীলা আৰম্ভ কৰিছে। প্ৰতিদিনে নদীৰ বুকুত জাহ গৈছে ৪০ টাতকৈ অধিক পৰিয়ালৰ ঘৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতি ঘণ্টাত প্ৰায় ১ ছেণ্টিমিটাৰকৈ ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনত বিপদ সীমাৰ ৪২ ছেণ্টিমিটাৰ ওপেৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ পানী। জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলেৰচৰ, কানাইমাৰা, মালিৰআগলা, বৰাইৰ আলগা, দেওঁৱানেৰ আলগা, নিলোখীয়া, সুখচৰ, মলাখোৱা, গোটাবাৰী-খোপাতীয়া গাঁও পঞ্চায়তৰ অধীনত থকা প্ৰায় অৰ্ধ শতাধিক গাঁও বানৰ কবলত পৰাৰ লগতে দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অধীনত থকা হাজিৰহাট, পাটাকাটা, মহুৰীৰচৰ, মনিৰচৰ, টুমনি, দক্ষিণ শালমাৰা, বালাডোবা আদি গাঁও পঞ্চায়তৰ প্ৰায় ৫৫ টাকৈ গাঁও বানৰ কবলত পৰাত জিলাখনৰ শতাধিক গাঁৱৰ লক্ষাধিক লোক বান পানীৰ ফলত প্ৰভাৱিত হৈছে।

একেদৰে ধুবুৰী জিলাৰ অধীনত থকা দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰো প্ৰায় শতাধিক গাঁও বানৰ পানীয়ে জলমগ্ন কৰি ৰাখিছে। দেওবাৰে বিয়লি চাৰি বজালৈ ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদ সীমাৰ ২০ ছেণ্টিমিটাৰ ওপৰেৰে বৈছিল যদিও প্ৰায় ২৪ ঘণ্টাৰ অন্তত ৪২ ছেণ্টিমিটাৰলৈ বৃদ্ধি পায় ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ। ব্ৰহ্মপুত্ৰ নদীৰ পানী যিমানেই বৃদ্ধি পাইছে নৈপৰীয়া ৰাইজ সিমানেই আতংকিত হৈ পৰিছে আৰু ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। একাংশ বানাক্ৰান্ত লোক ইতিমধ্যে নিজৰ ঘৰ-দুৱাৰ এৰি ওখ স্থান, মথাউৰী, প্লেটফৰ্ম, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত আশ্ৰয় লবলৈ আৰম্ভ কৰিছে। বিশেষকৈ বৰাইৰ আলগা, দেওঁৱানেৰ আলগা, নিলোখীয়া আদি অঞ্চলৰ লোক বানৰ ফলত ব্যপকভাৱে ক্ষতিগ্ৰস্ত হৈছে।

ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদ সীমাৰ ৪২ ছেণ্টিমিটা ওপৰেৰে বৈ থকাত বহু লোকৰ ঘৰ পানীৰ তলত ডুব গৈছে। বানাক্ৰান্ত লোক সকলে পোহনীয়া জন্তুলৈ নিৰাপদ স্থানত যাবলৈ বাধ্য হৈ পৰিছে। কিন্তু তাতপৰ্যপূৰ্ণ বিষয় এয়া যে বিগত প্ৰায় দুদিন ধৰি জিলাখনত বানৰ পানী ভয়াবহভাৱে বৃদ্ধি পাই থকাৰ পিছতো আজিৰ দিনটোলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো বানাক্ৰান্ত লোকক উদ্ধাৰ কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ইফালে বানৰ মাজতে ধুবুৰী জিলাৰ অন্তৰ্গত দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ, পামপাৰা-চতলাৰপাৰ, বাউসকাটা, ৰাভাটাৰী গাঁও পঞ্চায়তত ব্ৰহ্মপুত্ৰ নদীৰ পাৰ ভয়াবহভাৱে খহিবলৈ আৰম্ভ কৰিছে। ফকিৰগঞ্জৰ পৰা আৰম্ভ কৰি চতলাৰপাৰ, মাটিফাটা, সূৰ্যমনিলৈ এফালৰ পৰা নদীয়ে এটাৰ পাছত আনটো পৰিয়ালৰ ঘৰ, মাটি-ভেটিৰ লগতে বিঘাই বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰাত অঞ্চলটোত আতকংময় পৰিৱেশৰ সৃষ্টি হৈছে।

অঞ্চলটোত প্ৰতিদিনে ৩০ টাতকৈও অধিক পৰিয়ালে খহনীয়াৰ কবলত পৰি নিজৰ সপোনৰ ঘৰখন স্থানান্তৰ কৰিবলগীয়া হৈছে। বিগত প্ৰায় এটা মাহত অঞ্চলটোত প্ৰায় ডেৰ সহস্ৰাধিক পৰিয়াল গৃহহীন হৈ পৰিছে। গৰাখহনীয়াৰ কবলত পৰি আশ্ৰয়হীন হোৱা পৰিয়াল কেইটাক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত চৰকাৰ বা জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত একাংশ জনে বাট-পথ, এবুকু পানীৰ মাজতে পথাৰত মাটি ভাৰা লৈ আশ্ৰয় লবলৈ আৰম্ভ কৰিছে। বিশেষকৈ চতলাৰপাৰ বজাৰ আৰু গাঁওখন নদীৰ বুকুত জাহ যোৱাৰ পিছত এইবাৰ মাটিফাটা বজাৰ আৰু গাঁওখন সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় একাংশ সচেতন লোকে ধুবুৰী জিলা উপায়ুক্তক এই সকল লোকক সহায় কৰিবলৈ দাবী জনোৱাত সোমবাৰে অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া মাটিফাটাৰ লগতে ফকিৰগঞ্জ এলেকাত উপস্থিত হয়।

অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া মাটিফাটা বজাৰত উপস্থিত হৈ খহনীয়াগ্ৰস্ত লোকৰ খা-খবৰ লোৱাৰ লগতে ইতিমধ্যে গৃহহীন হোৱা লোক সকল ক’ত, কেনেকৈ আশ্ৰয় লৈ আছে তাৰ বুজ লয়। খহনীয়াগ্ৰস্ত লোকৰ লগতে গাঁওখনৰ ৰাইজে খাদ্য, সূতা, কম্বল, তিৰপাল বা আমাক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব নালাগে, আমাক জীয়াই থকাৰ বাবে আশ্ৰয় দিয়ক বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীক দাবী জনায়। অঞ্চলটোত বিগত এটা মাহৰ ভিতৰত ডেৰ সহস্ৰাধিক পৰিয়ালে খহনীয়াৰ কবলত পৰি গৃহহীন হৈ পৰিছে। একেদৰে মাটিফাটা বজাৰৰ পৰা অতিৰিক্ত উপায়ুক্ত গৰাকী উভতাৰ পথত একাংশ এছইউডিআইইউ দলৰ নেতা-কৰ্মী তথা সমৰ্থকৰ উপৰিও একাংশ ৰাইজে পামপাৰা চতলাৰপাৰ গাঁও পঞ্চায়তৰ অধীনত পঞ্চায়ত সভানেত্ৰীয়ে এমজিএনৰেগা আঁচনিৰ কাম নকৰি ধন আত্মসাত কৰা বুলি অভিযোগ দিবলৈ ধৰাত পঞ্চায়ত সভানেত্ৰী গৰাকীৰ স্বামীয়ে চিঞৰি উঠে। ফলত দুই ফৈদৰ মাজত হতাহতি আৰম্ভ হয়।

অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সম্মুখত এনে অশান্ত পৰিৱেশৰ সৃষ্টি হোৱাত একাংশ সচেতন লোকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ পিছত অতিৰিক্ত উপায়ুক্ত গৰাকী ফকিৰগঞ্জৰ বান পৰিস্থিতি আৰু খহনীয়াৰ বুজ লয়। ইয়াৰ পিছতেই অতিৰিক্ত উপায়ুক্ত গৰাকী ধুবুৰী সদৰলৈ ৰওনা হয়। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত কয় “এই সকল লোকে থকাৰ বাবে আশ্ৰয় বিচাৰি আছে। আমি এই সকল ক্ষতিগ্ৰস্ত লোকক জিলা প্ৰশাসনৰ ফালৰ পৰা কিদৰে সহায়-সহযোগিতা কৰিব পাৰো সেয়া জিলা উপায়ুক্তৰ সৈতে আলোচনাৰ অন্তত কৰিব পৰা যাব। একেদৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে চিন্তা চৰ্চা কৰি আছে বুলিও জানিবলৈ দি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয় যে ততকালীনভাৱে বাঁহৰ দ্বাৰা খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।