গুৱাহাটী, সংবাদ ৩৬৫, ৩১ আগষ্ট : ৮৫৫ গৰাকী শ্বহীদ, কেইবা দশকজুৰি চলা আন্দোলন, বিভিন্ন সময়ত বিভিন্ন দল – সংগঠনৰ প্ৰতিবাদৰ অন্তত প্ৰকাশ হ’ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী । পিছে চূড়ান্ত এন আৰ চিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বহুজনে ।

১৯৭১ ৰ পূৰ্বে ভাৰতলৈ অহা বহু হিন্দু বাংলাদেশী শৰণাৰ্থীৰ নাম নাই এন আৰ চিত । শৰণাৰ্থীৰ প্ৰ-পত্ৰ গ্ৰহণ নকৰিলে এন আৰ চি কৰ্তৃপক্ষই যাৰ বাবে বহু নাগৰিকৰ নাম বাদ পৰিল । সীমান্ত জিলা সমূহত ২০% আৰু অন্যান্য জিলা সমূহত ১০% লোকৰ নাম পুনঃৰীক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰস্তাৱ অনুমোদন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ওচৰত টুইটাৰৰ জৰিয়তে আহ্বান জনায় বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

এন আৰ চিৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য ” আমি কোনোদিনেই শুদ্ধ এন আৰ চি নাপাম । বিদেশীৰ নাম সোমাইছে , ভাৰতীয়ৰ নাম বাদ পৰিছে । মোৰ সন্দেহ আজি শুদ্ধ প্ৰমাণিত হৈছে। বিজেপিয়ে সমস্যাটো জীয়াই ৰাখিব বিচাৰিছে” ।

অসম গণ পৰিষদৰ অতুল বৰাই কয় ” অসমৰ মানুহে ভবামতে এন আৰ চি নহ’ল । যিসকল লোকৰ নাম বাদ পৰিছে আমি তেওঁলোকক সহায় কৰিম” ।

ইফালে এ পি ডব্লিউৰ অভিজিৎ শৰ্মাই ১৯ লাখ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাক লৈ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে আৰু কয় যে অৰ্থলোভী একাংশ বাংলাদেশীৰ ৰক্ষকৰ বাবেই ধ্বংসৰ গৰাহলৈ অসমীয়া জাতি। এন আৰ চিৰ ডাটা এণ্ট্ৰি কৰা ছফ্টৱেৰৰ ভয়াৱহ বিসংগতিৰ বাবেই লাখ লাখ বাংলাদেশী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে ।