গুৱাহাটী, সংবাদ ৩৬৫, ৬ জুন : ফেচবুক বা হোৱাটছ এপ আদিৰ নিচিনা সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হৈ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰেমত পৰিছে নেকি? তেন্তে সাৱধান হওঁক। আপোনাক বহু সপোন দেখুওৱা, হাজাৰ প্ৰতিশ্ৰুতি দিয়া আপোনজনেই কৰিব আপোনাক বিশ্বাসঘাটকতা । গতিকে সামাজিক মাধ্যমৰ জৰিয়তে হোৱা প্ৰেমত ক্ষেত্ৰত সাৱধান হওঁক।
এনেদৰেই সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হৈ প্ৰেমৰ জালত পেলোৱা দুই প্ৰবঞ্চক পৰিছে আৰক্ষীৰ জালত। যুৱক-যুৱতীক প্ৰেমৰ জালত পেলাই ধন ঘটে এই যুৱক-যুৱতীদ্বয়ে । প্ৰথমে ফেচবুকত চিনাকি তাৰপাছত বন্ধুত্বৰ প্ৰস্তাৱ আৰু শেষত প্ৰেম । তাৰপাছতে ইটো সিটো অজুহাত দেখুৱাই , প্ৰলোভন দি ধন সৰকায় দুই যুৱক-যুৱতীয়ে।
সম্প্ৰতি চানমাৰী আৰক্ষীৰ জালত পৰিল ফেচবুকৰ জৰিয়তে প্ৰেমৰ জালত পেলোৱা এই যুৱক-যুৱতীদ্বয়। তেওঁলোকে নিজকে অংকুৰ কাশ্যপ ওৰফে দিগ্বিজয় আৰু ৰঞ্জিতা পেগু বুলি চিনাকি দিছে। ভুক্তভোগীৰ দুখনকৈ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক দুজনক। উল্লেখ্য যে দীর্ঘদিন ধৰি এনেদৰেই প্ৰেমৰ জালত পেলাই ধন ঘটি আহিছিল অংকুৰে আৰু এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰি আহিছিল ৰঞ্জিতাই।