গোৱালপাৰা : গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। শিশুৰ যতন কক্ষত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰে ১৪ টি শিশুৰ। উপায়ুক্তৰ তদন্তৰ ঘোষণা। 

গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশুৰ যতন কক্ষত সংগঠিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। শুকুৰবাৰে পুৱা ১০-৩০ বজাত হঠাৎ শিশু যতন কক্ষৰ পৰা ক’লা ধোঁৱা ওলাবলৈ ধৰাত শিশু সকলৰ অভিভাৱক সকলে চিঞৰ বাখৰ কৰাত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়।

হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ লগে লগে চিকিৎসালয়খনৰ চিকিৎসক সকলে অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীৰ দল চিকিৎসালয়খনত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নি নিৰ্বাপন বাহিনীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে ১৪ টি শিশুৰ। বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ঘটনাস্থলীত গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে কি কাৰণত এই অগ্নিকাণ্ড সংগঠিত হ’ল, ইয়াৰ তদন্ত দিয়াৰ কথা উল্লেখ কৰে।

অগ্নিকাণ্ডৰ পিছতে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই ৭ টাকৈ শিশুক গোৱালপাৰা চহৰৰ ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱাই। ইয়াৰে ফ্লোৰেন্স হাস্পতালত ২ টি আৰু চলেছ হাস্পতালত ৫ টি শিশুক ভৰ্তি কৰোৱা হৈছে। শিশু কেইটা সুস্থ আছে বুলি জনায় জিলা উপায়ুক্ত মিনাক্ষী দাসে।