টীয়াক : এক নৃশংস ঘটনা সংঘটিত হৈছে টীয়াকত। পিতৃয়ে হত্যা কৰি পুত্ৰৰ মৃতদেহ শৌচালয়ত গাঁতত পুতি থ’লে। এই নৃশংস হত্যাকাণ্ডত নিহত যুৱকজনৰ মাহীমাকে সহযোগ কৰিছিল পিতৃক। যোৱা ৩১ অক্টোবৰত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সোমবাৰে নিশাৰ ভাগত পোহৰলৈ আহে।

যোৰহাট জিলাৰ টীয়াকৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত বৰখেলীয়া গাঁৱত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিতৃ আৰু মাহীমাকে এজন যুৱকক হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থোৱাৰ এক আমানৱীয় ঘটনা সংঘটিত হৈছে বৰখেলীয়া গাঁৱত।

গাঁওখনৰ ফণীধৰ বৰাই পুত্ৰ কাকু বৰাক হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থৈছিল। কাকু বৰা নামৰ যুৱকজন যোৱা ৩১ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকাত যুৱকজনৰ ভিনীয়েকে সোমবাৰে নিশা আৰক্ষীক খবৰ দিয়ে। নিশাৰ ভাগতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে ফণীধৰ বৰাক আটক কৰি জেৰাৰ অন্তত হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে। ৩১ অক্টোবৰৰ নিশা কাকু বৰা নামৰ যুৱকজনে পিতৃ ফণীধৰ বৰাৰ পৰা দীপাৱালী উপলক্ষে টকা বিচাৰে। ইয়াতে ফণীধৰ বৰা অগ্নিশর্মা হৈ কাকু বৰাক বাঁহেৰে আক্ৰমণ কৰে। মূৰত আঘাত পোৱাত কাকু বৰাৰ মৃত্যু ঘটে আৰু ফণীধৰ বৰাই তৃতীয় পত্নীৰ সহযোগত কাকু বৰাৰ মৃতদেহ শৌচালয়ত পুতি থয়।

মঙলবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিত শৌচালয়ৰ পৰা কাকু বৰাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ফণীধৰ বৰা আৰু তেওঁৰ তৃতীয় পত্নীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। কাকু বৰাৰ ভিনীয়েকে অভিযোগ কৰে ফণীধৰ বৰা আৰু তেওঁৰ তৃতীয় পত্নীয়ে বিভিন্ন সময়ত কাকু বৰাক নিৰ্যাতন চলাই আহিছিল।