মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰৰ খোপাতীয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ থকা খোপাতীয়া ফুটবল টুৰ্নামেণ্টত দেওবাৰে অসমৰ টেপৰপাৰা আৰু মেঘালয়ৰ ভাইটবাৰী দলৰ মাজত এখন খেল অনুষ্ঠিত হয়।খেলখনত নিৰ্ধাৰিত সময়ৰ অন্তত দুয়োটা দলে ১ টাকৈ গল দিয়াৰ ফলত খেলখনৰ ফলাফল ট্ৰাই ব্ৰেকাৰৰ দ্বাৰা উলিওৱা হয়। ট্ৰাই ব্ৰেকাৰত ৮-৭ গলৰ ব্যৱধানত মেঘালয় দলক অসমৰ টেপৰপাৰা দলে পৰাস্ত কৰে।

উল্লেখ্য যে এই খেলখনত স্থানীয় মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থাকি দৰ্শকৰ লগত মাটিত বহি খেল উপভোগ কৰে। খেলৰ অন্তত বিধায়ক গৰাকী বাল্য কালৰ দৰে মাটিত বহি খেল উপভোগ কৰি সুখী বুলি মত প্ৰকাশ কৰাৰ লগতে কয় যে যি অঞ্চলৰ যুৱক-যুৱতী খেল-ধেমালীৰ লগত জড়িত থাকে সেই অঞ্চলৰ যুৱক-যুৱতী সু- স্বাস্থ্যবান হোৱাৰ লগতে সেই অঞ্চলত অপৰাধমূলক ঘটনা হ্ৰাস পায়।

খেলুৱৈ সকলৰ বাবে চৰকাৰে বিভিন্ন আচঁনিত ব্যৱস্থা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰি উঠি অহা যুৱক-যুৱতী সকলক খেলৰ প্ৰতি আকৃষ্ট হ’বলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়। জিলাৰ সদৰ হাটশিঙিমাৰীৰ সোণাপুৰত প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে এখন ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা বুলি বিধায়ক গৰাকীয়ে ৰাইজক অৱগত কৰি এই ষ্টেডিয়ামৰ দ্বাৰা জিলাখনত খেলুৱৈ সকল উপকৃত হ’ব বুলি প্ৰকাশ কৰে।