হাটশিঙিমাৰী : ৰঙা ঘৰৰ আলোহী হ’ল ঠগ-প্ৰবঞ্চক তথা মাটিৰ দালাল আমজাদ হুছেইন। আৰক্ষীৰ দালাল বিৰোধী অভিযান আৰম্ভ হোৱাত আত্মগোপন কৰি আছিল মাটিৰ দালাল আমজাদ হুছেইন। জামিন লৈ থানাত হাজিৰ হোৱাত ঠগ-প্ৰবঞ্চক তথা মাটিৰ দালালিৰ অভিযোগত গ্ৰেপ্তাৰ আমজাদ হুছেইন। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত খাৰুৱাবান্ধা আৰক্ষী চকীত শনিবাৰে নিশা এজন ঠগ-প্ৰবঞ্চক তথা মাটিৰ দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেওবাৰে আদালতত হাজিৰ কৰে।

আদালতে ঠগ-প্ৰবঞ্চক তথা মাটিৰ দালালজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে। জিলাখনৰ মানকাচৰ থানাৰ অন্তৰ্গত সোণাপুৰ গাঁৱৰ আমজাদ হুছেইনক খাৰুৱাবান্ধা আৰক্ষীয়ে শনিবাৰে নিশা প্ৰায় ৯ বজাত আটক কৰে। মাটিৰ দালালিৰ লগতে বিভিন্ন লোকক ভূমি সংক্ৰান্তীয় ঠগ-প্ৰবঞ্চনা কৰাৰ অভিযোগ আছে আমজাদ হুছেইনৰ বিৰুদ্ধে। খাৰুৱাবান্ধা আৰক্ষীয়ে আমজাদ হুছেইনৰ বিৰুদ্ধে ৩৫৪/২১ নং গোচৰ ৰুজু কৰি দেওবাৰে হাটশিঙিমাৰী মহকুমা আদালতত হাজিৰ কৰে।

আদালতে ইতিমধ্যে আমজাদ হুছেইন নামৰ মাটিৰ দালাল জনক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছমিৰন ডেকাই জানিব দিয়া মতে এই ঠগ প্ৰবঞ্চক মাটিৰ দালাল আমজাদ হুছেইনৰ বিৰুদ্ধে কেইবাটাও গোচৰ পঞ্জীয়ন হৈ আছে। ইয়াৰে কেইবাটাও গোচৰৰ বাবে আমজাদ হুছেইন জামিন লাভ কৰি আৰক্ষী চকীখনত উপস্থিত হোৱাৰ পিছত উক্ত গোচৰৰ আধাৰত আৰক্ষীয়ে তেওঁক আটক কৰি জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যজুৰি মাটিৰ দালালকে ধৰি একাংশ চৰকাৰী কাৰ্যালয়ৰ দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত আমজাদ হুছেইন আত্মগোপন কৰি আছিল। এগৰাকী লাট মণ্ডলৰ সহযোগত বিভিন্ন লোকক মাটিৰ কাম কৰি দিয়াৰ নামত ঠগ প্ৰবঞ্চনা কৰি একাংশ লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি এজনৰ মাটি আন এজনৰ নামত কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে আমজাদ হুছেইনৰ বিৰুদ্ধে।