গোলাঘাট : নুমলীগড় শোধনাগৰত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। এগৰাকী কনিষ্ঠ মহিলা অভিযন্তাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ নুমলীগড় শোধনাগৰৰ উপ মহাপ্ৰবন্ধকৰ বিৰুদ্ধে। গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে উপ মহাপ্ৰবন্ধক গৰাকীক। নুমলীগড় শোধনাগাৰৰ উপ মহাপ্ৰবন্ধক নীহাৰ প্ৰসাদ শৰ্মাই সুৰাৰ পাৰ্টীত যৌন নিৰ্যাতন চলাইছিল কনিষ্ঠ মহিলা অভিযন্তাক।

নুমলীগড় শোধনাগাৰৰ উপ মহাপ্ৰবন্ধক নীহাৰ প্ৰসাদ শৰ্মাই
কনিষ্ঠ মহিলা অভিযন্তা গৰাকীক নিজৰ ঘৰত সুৰাৰ পাৰ্টী অনুষ্ঠিত কৰি যৌন নিৰ্যাতন চলাইছিল। নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত কনিষ্ঠ মহিলা অভিযন্তা গৰাকীয়ে নুমলীগড় শোধনাগাৰৰ উপ মহাপ্ৰবন্ধক নীহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এজাহাৰ পিছতে আৰক্ষীয়ে নুমলীগড় শোধনাগাৰৰ উপ মহাপ্ৰবন্ধক নীহাৰ প্ৰসাদ শৰ্মাক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে যোৱা ১৯ জুলাইত নীহাৰ প্ৰসাদ শৰ্মাই কনিষ্ঠ যুৱতী অভিযন্তা গৰাকীক নিজ ঘৰ সুৰাৰ পাৰ্টীত যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে।উল্লেখ্য যে ঘটনা সংঘটিত হোৱা এমাহ পিছত অৰ্থাৎ ১৯ আগষ্টত ৰহস্যজনকভাৱে নিৰ্যাতিত কনিষ্ঠ মহিলা অভিযন্তা গৰাকীয়ে এজাহাৰ দাখিল কৰিছিল। ইফালে ঘটনা সংক্রান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।