গুৱাহাটী : ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ আন্তঃগাঁথনিক ত্বৰান্বিত কৰি পাটনাৰ পৰা এমাহ পূর্বে ২০০ মেট্রিক টন খাদ্যশস্য কঢ়িয়াই অনা এম ভি লালবাহাদুৰ শাস্ত্রী শীর্ষক জাহাজখনে দেওবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত প্রৱেশ কৰে। এই ঐতিহাসিক ক্ষণত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পাণ্ডু বন্দৰত আয়ােজিত অনুষ্ঠানত অংশগ্রহণ কৰে আৰু ভাৰতীয় খাদ্য নিগমলৈ অহা ২০০ মেট্রিক টন খাদ্যশস্য সম্বলিত জাহাজখনৰ আদৰণি জনায়। গংগা (ৰাষ্ট্ৰীয় জলপথ-১) আৰু ব্ৰহ্মপুত্র (ৰাষ্ট্ৰীয় জলপথ-২) ৰ এই সংযােগীকৰণে অসম আৰু উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে।

ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ৰে পাটনাৰ পৰা যাত্ৰা আৰম্ভ কৰা জাহাজখনে ভাগলপুৰ, মণিহাৰী, চাহিবগঞ্জ, ফাৰাক্কা, ত্রিবেণী, কলকাতা, হালদিয়া, হেমনগৰ, খুলনা, নাৰায়ণগঞ্জ, চিৰাজগঞ্জ, চিলমাৰী হৈ ব্ৰহ্মপুত্ৰয়েদি ধুবুৰী আৰু যােগীঘােপাৰ মাজেৰে চলাচল কৰি অৱশেষত পাণ্ডুত প্রৱেশ কৰিছে। এই যাত্রা পথৰ দূৰত্ব হৈছে ২,৩৫০ কিলোমিটাৰ। আন এখন জাহাজ এম ভি ৰাম প্রসাদ বিছমিলে দুটা বার্জ কল্পনা চাওলা আৰু এ পি জে আব্দুল কালামৰ সৈতে যােৱা ১৭ ফেব্ৰুৱাৰীত হালদিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু পাণ্ডু অভিমুখে আহি আছে। জাহাজখনে ১৮০০ মেট্রিক টন টাটা ষ্টীল কঢ়িয়াই আনিছে আৰু ইতিমধ্যে ধুবুৰীৰ বাংলাদেশ সীমান্তত উপস্থিত হৈছে। নুমলীগড় শােধনাগাৰৰ ২৫২ মেট্রিক টন ডাইমেনশ্যনেল কাৰ্গ’ও যােৱা ১৫ ফেব্ৰুৱাৰীত ইণ্ডো-বাংলাদেশ প্ৰট’কল জলপথৰ মাজেৰে হালদিয়াৰ পৰা শিলঘাটত প্ৰৱেশ কৰে।
আনহাতে ২৫০ মেট্রিক টনৰ কাৰ্গ’ও জলপথেদি শিলঘাটলৈ গৈ আছে।

এই যুগান্তকাৰী মুহূর্তত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে কয়, “আজি অসমত অভ্যন্তৰীণ জল পৰিবহণৰ দিশত এক নতুন যুগৰ আৰম্ভণি হৈছে। ই ব্যৱসায়ীসকলক এক কার্যকৰী, অর্থনৈতিক গতিসম্পন্ন আৰু পাৰিপাৰ্শ্বিক বিকল্প প্রদান কৰিব। নিৰৱচ্ছিন্ন কার্গ পৰিবহণ হৈছে অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ এক পূর্ণকালীন যাত্রা। প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ উত্তৰ-পূব অঞ্চলটো এতিয়া দ্রুত প্রগতিৰ দিশত আগুৱাই গৈছে আৰু দেশৰ অষ্টলক্ষ্মী হিচাপে উজলি উঠাৰ পথত আগবাঢ়িছে। আমি নিশ্চিত যে জলপথৰ জৰিয়তে কার্গ’ চলাচলৰ পুনৰ আৰম্ভণিয়ে উত্তৰ-পূর্বাঞ্চলক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উজ্জীৱিত কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।” কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়, “এই ঐতিহাসিক কৃতিত্বই উত্তৰ-পূব ভাৰতৰ সকলাে ৰাজ্যৰ বাবে বিকাশৰ এক নতুন যুগৰ সূচনা কৰিব। জলপথসমূহৰ সুচলতাই অঞ্চলটোৰ প্ৰগতিৰ পথত কেৱল ভৌগােলিক বাধা আঁতৰ কৰাই নহয়, লগতে অসম তথা উত্তৰ-পূবৰ ব্যৱসায় ত্বৰান্বিত কৰাৰ উপৰিও স্থানীয় জনসাধাৰণৰ বাবে দ্রুত অর্থনৈতিক প্রগতি আৰু সুবিধাজনক পৰিবহণ নিশ্চিত কৰিব”।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় “বাংলাদেশ হৈ ঐতিহাসিক বাণিজ্য পথসমূহ পুনৰুজ্জীৱিত কৰাৰ নিৰন্তৰ প্রচেষ্টাই প্রধানমন্ত্রী গতি শক্তিৰ অধীনত এক উৎসাহ যােগাইছে। এনেধৰণৰ প্ৰচেষ্টাই উত্তৰ-পূবক ক্রমান্বয়ে যােগাযােগৰ প্রাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব ধৰিছে। প্রধানমন্ত্রী গতি শক্তিৰ অধীনত সমন্বিত উন্নয়ন পৰিকল্পনাক গতিশীলতা প্রদান কৰা হৈছে যাতে ব্রহ্মপুত্রৰ ওপৰত কাৰ্গ’ৰ দ্রুত চলাচল বৃদ্ধি পায়।” মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্রসংগত “এক্ট ইষ্ট নীতি”ৰ প্ৰসংগ উল্লেখ কৰি আৰু আজিৰ দিনটোক ঐতিহাসিক আখ্যা দি কয়, “ভাৰত-বাংলাদেশ প্ৰট’কল পথৰ জৰিয়তে মালবাহী জাহাজৰ আগমনে সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক বিকাশত এক নতুন যাত্রাৰ আৰম্ভণিক চিহ্নিত কৰিছে। মই নিশ্চিত যে প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ দূৰদৰ্শী নেতৃত্ব আৰু মাননীয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালৰ সবল উদ্যমত অনাগত দিনত অসমৰ জলপথ খণ্ডই অধিক গুৰুত্ব তথা গতি লাভ কৰিব আৰু অর্থনৈতিক গতিধাৰাক ত্বৰান্বিত কৰিব।”

উল্লেখযােগ্য যে, ভাৰত আৰু বাংলাদেশৰ মাজত অভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্যৰ প্ৰট’কলৰ জৰিয়তে দুয়ােখন দেশৰ মাজত সামগ্রী চলাচলৰ বাবে পাৰস্পৰিক জলপথ ব্যৱহাৰৰ ব্যৱস্থা আছে। ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ক ৰাষ্ট্ৰীয় জলপথ-২ (ব্রহ্মপুত্র নদী) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী)ৰ সৈতে ইণ্ডো-বাংলাদেশ প্ৰট’কল পথৰ জৰিয়তে সংযুক্ত কৰা হৈছে। এই জলপথসমূহেৰে উপযুক্ত চলাচল আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ইণ্ডো-বাংলাদেশ প্ৰট’কল পথৰ দুটা অংশ, অর্থাৎ চিৰাজগঞ্জ-দৈখােৱা আৰু আশুগঞ্জ-জাকিগঞ্জক ৮০:২০ (ভাৰত-বাংলাদেশ) অনুপাতত মুঠ ৩০৫.৮৪ কোটি টকা ব্যয়সাপেক্ষে উন্নীত কৰি থকা হৈছে। তদুপৰি সাত বছৰৰ বাবে (২০১৯-২০২৬ চনলৈ) জলপথছােৱাত প্রয়ােজনীয় গভীৰতা নিশ্চিত কৰাৰ বাবে ড্রেজিঙৰ বাবেও চুক্তি চলি আছে। ভাৰতৰ ফাৰাক্কাৰ ওচৰৰ মাইয়াৰ পৰা বাংলাদেশৰ আৰিচালৈ ইণ্ডো-বাংলাদেশ প্ৰট’কল পথ নং ৫ আৰু ৬ হােৱাৰ পিছত,ৰাষ্ট্ৰীয় জলপথ-১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ-২ (ব্রহ্মপুত্র)ৰ অভ্যন্তৰীণ জল পৰিবহণৰ দূৰত্ব প্রায় ১০০০ কিলােমিটাৰ হ্রাস পাব, যিয়ে সময় আৰু ব্যয়ও যথেষ্ট পৰিমাণে হ্রাস কৰিব।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ “এক্ট ইষ্ট” নীতি অনুসৰি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে ভাৰতীয় অভ্যন্তৰীণ
জলপথ প্ৰাধিকৰণৰ জৰিয়তে ৰাষ্ট্ৰীয় জলপথ-১, ভাৰত-বাংলাদেশ প্ৰট’কল পথ আৰু ৰাষ্ট্ৰীয় জলপথ-২ ত কেইবাটাও আন্তঃগাঁথনিমূলক প্রকল্প হাতত লৈছে। এই পদক্ষেপসমূহে জলপথৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ সৈতে ভাৰতৰ অন্য প্রান্তৰ উপৰিও ওচৰ-চুবুৰীয়া দেশসমূহৰ লগত যােগাযােগ ব্যৱস্থা অধিক উন্নত কৰিব। কেন্দ্রীয় চৰকাৰে ২০০০ টনলৈকে জাহাজৰ সুৰক্ষিত আৰু বহনক্ষম চলাচলৰ লক্ষ্য আগত ৰাখি ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ৰ ক্ষমতা বৃদ্ধিৰ বাবে প্রায় ৪৬০০ কোটি টকা বিনিয়ােগেৰে অভিলাষী “জল মার্গ বিকাশ প্রকল্প” হাতত লৈছে। এই বিশেষ অনুষ্ঠানত লগতে উপস্থিত থাকে গুৱাহাটী লােকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়, শ্যামাপ্রসাদ মুখার্জী বন্দৰ ন্যাসৰ অধ্যক্ষ বিনীত কুমাৰ প্ৰমুখ্যে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সংশ্লিষ্ট বিষয়াসকল।