জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অন্তৰ্গত ৯ টা ৱাৰ্ডত পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া। বৰ্তমানলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ভোটকেন্দ্ৰ সমূহত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। বিশ্বনাথৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহত আৰক্ষী প্ৰশাসনৰ ফালৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে।

পূৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা বিশ্বনাথ পৌৰসভাৰ ৯ টা ৱাৰ্ডৰ ভোটগ্ৰহণত দুপৰীয়া ১২ বজালৈ ৩৬ শতাংশ আৰু চতিয়াত ২৪.৯৪ শতাংশ ভোটদান সম্পন্ন হৈছে। পুৱাৰ ভাগৰে পৰাই ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ৰাইজৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা যায়। ইফালে নিৰাপত্তাৰ দিশত বিশ্বনাথ আৰক্ষীয়ে শনিবাৰে নিশাৰ ভাগৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰ সমূহত কটকটীয়া ব্যৱস্থা গঢ়ি তোলে।

বিশ্বনাথ চাৰিআলি পৌৰসভাৰ মুঠ ১২ টা ৱাৰ্ড আছে যদিও ইতিমধ্যে ৩ টা ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীয়ে বিনা প্ৰতিদ্বন্দ্বীতাৰে জয় হ’বলৈ সক্ষম হৈছে। বাকী থকা ৯ টা ৱাৰ্ডত ১৯ গৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বীতা হ’ব। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ২ নং ৱাৰ্ডৰ কোচগাঁও আদৰ্শ বিদ্যালয়ত পুৱাই ভোটদান সাব্যস্ত কৰে।