নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ জুলাই : অপেক্ষাৰত ধেমাজি কাণ্ডৰ ৰায় প্ৰদান কৰিলে ধেমাজি ছেচন আদালতে। ৬ জনক দোষী সাব্যস্ত কৰে আদালতে । ৮ জনক দোষমুক্ত ঘোষণা কৰে ধেমাজি ছেচন আদালতে। আদালতে দোষী সাব্যস্ত কৰা সকল হৈছে দীপাঞ্জলি গোঁহাই, হেমেন গগৈ, যতীন দুৱৰী, প্ৰশান্ত ভূঞা, লীলা খান আৰু মুহি সন্দিকৈ।

আনহাতে আদালতে দোষমুক্ত ঘোষণা কৰিছে জয়া চুতীয়া, মীন বৰুৱা, জিতেন চুতীয়া, অপ্সৰা বৰুৱা, গোবিন কলিতা, জয়চন্দ্ৰ চুতীয়া, চন্দ্ৰনাথ গগৈ আৰু মোহন চুতীয়াক ।

উল্লেখযোগ্য যে উল্লেখযোগ্য যে ২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ আয়োজন কৰিছিল ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত ধেমাজিৰ জিলা প্ৰশাসনে । পতাকা উত্তোলন কৰিবলৈ লওঁতেই এক শক্তিশালী বোমাই ধেমাজিৰ আকাশ -বতাহ কঁপাই তুলিছিল ।বোমাটো বিস্ফোৰণ ঘটাইছিল নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী,অসম ,চমুকৈ আলফাই । বিস্ফোৰণত থিতাতে নিহত হৈছিল ১৩ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী। গুৰুত্বৰভাৱে আহত হৈছিল ২১ জন লোক ।

তাৰপাছতেই বোমা বিস্ফোৰণৰ তদন্তৰ প্ৰক্ৰিয়াত ৫৫ গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰি মুঠ ১৪ গৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰিছিল ধেমাজিৰ আৰক্ষীয়ে আৰু বিচাৰ প্ৰক্ৰিয়াত মুঠ ৬ জনক দোষী সাব্যস্ত কৰে আদালতে আৰু ৮ জনক দোষ মুক্ত হিচাপে ঘোষণা কৰে ।

৬ গৰাকী অভিযুক্তৰ ৪ গৰাকী ক্ৰমে দীপাঞ্জলি গোহাঁই ,মুহি সন্দিকৈ,লীলা গগৈ আৰু যতীন দুৱৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা আৰু দুগৰাকী প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে পাঁচ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে।