মামুন আলী

কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ অন্তৰ্গত দেবিতোলা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ডেৰ ঘণ্টা পিছত ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষোভিত হৈ উঠে ৰাইজ।বজাৰখনৰ ৯ খনকৈ দোকান ভস্মীভূত। প্ৰায় ৭০ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়।

শনিবাৰে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত দেবিতোলা সাপ্তাহিক বজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দেবিতোলা বজাৰৰ এখন চাহ দোকানৰ গেছ চিলিণ্ডাৰৰ পৰা হোৱা জুইৰ সূত্ৰপাতত ৯ খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৭০ লাখ টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি ধাৰণা কৰা হৈছে।

চাহৰ দোকানখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা লগে লগে বজাৰখনত থকা স্থানীয় ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও বজাৰখনৰ ৯ খনকৈ দোকান জুইত সম্পূৰ্ণৰূপে জাহ যায়। ৰাইজৰ চেষ্টাত জুই নিৰ্বাপন হোৱাৰ পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী আহি পোৱাত ৰাইজ ক্ষোভিত হৈ পৰে। অগ্নিকাণ্ডৰ খবৰ দিয়াৰ প্ৰায় ডেৰ ঘণ্টা পিছত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী।

উত্তেজিত ৰাইজে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীক ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জুই নিৰ্বাপন কৰিবলৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰথমখন গাড়ীত পানী নথকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। অগ্নি নিৰ্বাপনৰ গাড়ীত পানী থকাৰ ফলত ৰাইজ অধিক উত্তেজিত হৈ পৰে। ৰাইজে অতি শীঘ্ৰে অঞ্চলটোত অগ্নি নিৰ্বাপন ষ্টেচন স্থাপন কৰাৰ দাবী জনায়।