দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত মুঠাখোৱা গাঁৱত শনিবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গাঁওখনত নিশা প্ৰায় ১.৩০ বজাত অভিযান চলায়। পূৰ্বে গ্ৰেপ্তাৰ কৰা গৰু সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে প্ৰয়াত নূৰুল ইছলামৰ ঘৰত অভিযান চলাই বক্ত জামাল নামৰ গৰু সৰবৰাহকাৰীজনক আটক কৰি থানালৈ আনে।

আৰক্ষীয়ে মাৰাথন জেৰাৰ অন্তত গৰু সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতত হাজিৰ কৰাত আদালতে গৰু সৰবৰাহকাৰীজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে। গৰু সৰবৰাহকাৰীজন দীৰ্ঘদিনৰ পৰা চোৰাংভাৱে বাংলাদেশত গৰু সৰবৰাহ কৰি আহিছে। কিন্তু প্ৰশ্নৰ বিষয় এয়া যে গৰু সৰবৰাহকাৰী সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও গৰুৰ বেপাৰী তথা গৰু মাফিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত একপ্ৰকাৰে ব্যৰ্থ হৈ আহিছে।

বিশেষ সূত্ৰে জনা মতে দক্ষিণ শালমাৰা জিলাত এটা গৰু মাফিয়া চক্ৰই গৰু সৰবৰাহকাৰীক কেইটামান টকাৰ বিনিময়ত গৰু বাংলাদেশলৈ সৰবৰাহ কৰাত নিয়োগ কৰে। আৰক্ষী আৰু বি এছ এফে সময়ে সময়ে সীমান্তৰ পৰা গৰু সৰবৰাহকাৰী আৰু গৰু জব্দ কৰা দেখা যায় যদিও গৰু সৰবৰাহকাৰীক কোনে নিয়োজিত কৰে বা গৰুৰ চোৰাং কাৰবাৰৰ লগত জড়িত হৈ থকা মূল ব্যৱসায়ী, মাফিয়াক কিন্তু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কোনো এখন থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

যোৱা প্ৰায় তিনি চাৰি বছৰ পূৰ্বে জিলাখনত এগৰাকী আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে গৰু সৰবৰাহকাৰীৰ লগতে গৰুৰ চোৰাং কাৰবাৰৰ লগত জড়িত গৰু মাফিয়া, গৰু চোৰাং বেপাৰী, হাৱালা সকলক গ্ৰেপ্তাৰ কৰাত কিছু দিনৰ বাবে গৰুৰ চোৰাং কাৰবাৰ জিলাখনত যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল। কিন্তু সেই বিশেষ আৰক্ষী অধীক্ষক গৰাকী জিলাখনৰ পৰা বদলি হোৱাৰ পিছতেই জিলাখনত পুনৰ ভয়াবহভাৱে গৰুৰ চোৰাং কাৰবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।