ধেমাজি : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে ধেমাজি জিলা ভ্ৰমণ কৰি জীয়াঢল আৰু গাই নদীৰ মথাউৰী পৰিদৰ্শন কৰে। অসম চৰকাৰৰ “বানমুক্ত অসম”ৰ অংশস্বৰূপে ধেমাজিৰ জীয়াঢল নদীৰ খনন কাৰ্যৰ লগতে ইয়াৰ মথাউৰী নিৰ্মাণৰ কাম অহা নৱেম্বৰ-ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব। মন্ত্ৰী পীযুষ হাজৰীকাই সতীৰ্থ মন্ত্ৰী তথা স্থানীয় বিধায়ক ডা: ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৰ সৈতে শনিবাৰে পুৱাৰ ভাগতে কুমতীয়া অঞ্চলত জীয়াঢল নদীৰ পাৰত উপস্থিত হৈ বিভাগীয় বিষয়াৰ পৰা জীয়াঢল নদীৰ মথাউৰীৰ প্ৰস্তাৱিত কামৰ বিষয়ে বুজ লয়।

এই বিষয়ে উপস্থিত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জীয়াঢল নদীৰ বান নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰ দায়বদ্ধ আৰু এই ক্ষেত্ৰত যিখিনি কাম কৰা হ’ব সেয়া অতি ভালদৰে কৰা হ’ব। আনহাতে নদী খনন আৰু মথাউৰী শক্তিশালীভাৱে বনোৱাৰ ক্ষেত্ৰত বিভাগীয় অভিযন্তাক আন্তৰিকতাৰে আৰু ভালদৰে কামত অগ্ৰসৰ হ’বলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। “মুখ্যমন্ত্ৰীৰ ইচ্ছা হৈছে ধেমাজিক বানপানীৰ পৰা মুক্ত কৰা আৰু তেঁওৰ নিৰ্দেশতে আমি আজি ইয়ালৈ আহিছো”, মন্ত্ৰীগৰাকীয়ে কয়।

আনহাতে বিভাগীয় অভিযন্তাই ৬০/৬৫ কোটি টকা ব্যয়েৰে ধেমাজিৰ বান নিয়ন্ত্ৰণ কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে টকা মুকলি কৰি দিয়াত চৰকাৰৰ কোনো ধৰণৰ আপত্তি নাই কিন্ত যিটো কাম কৰা হয় সেয়া যেন ভালদৰে হৈ উঠে আৰু চৰকাৰৰ টকাৰ অপব্যৱহাৰ নহয় সেয়া বিভাগীয় বিষয়া তথা অভিযন্তাই চাব লাগিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে গাই নদীৰ মথাউৰী পৰিদৰ্শন কৰি বিভাগীয় বিষয়াক মথাউৰী নিৰ্মাণৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশ প্ৰদান কৰে। ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ পথত মন্ত্ৰী পীযুষ হাজৰীকাই চিমেন চাপৰিৰ পৰা মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ ওপৰত লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত পথৰ এচোৱা পৰিদৰ্শন কৰে।