মানকাচৰ : মানকাচৰৰ পুৰাণ দিয়াৰাত বিদ্যুৎ বিজুতিৰ ফলত বিধ্বংসী অগ্নিকাণ্ড। তিনিটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাত ৯ টা পৰিয়ালৰ ১৩ টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত। নগদ ৫ লক্ষা টকাসহ মুঠ ১৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন। জুই নিৰ্বাপনত ৰাইজ ব্যৰ্থ হোৱাত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত পুৰাণ দিয়াৰা গাঁৱত এজন লোকৰ ঘৰত মঙলবাৰে নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বিদ্যুৎ বিজুতিৰ ফলত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ পিছতে তিনিটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাত ৯ টা পৰিয়ালৰ ১৩ টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডত নগদ প্ৰায় ৫ লাখটকাসহ মুঠ ১৫ লক্ষাধিক টকাৰ বিস্তাৰ ক্ষতি সাধণ হোৱাত পৰিয়াল কেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা গাঁওখনৰ আব্দুৰ ৰহিমৰ ঘৰত বিদ্যুৎ বিজুতি ঘটি অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। ফলত লোকজনৰ দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে তেওঁৰ ঘৰত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈ চৌদিশে জুই বিয়পি পৰে।

ইয়াৰ পিছতে এফালৰ পৰা আৰ্জিনা বিবি নামৰ এগৰাকী বিধৱা মহিলাৰ এটা বাসগৃহ, আল বাহাদুৰৰ ২ টা বাসগৃহ, আছফাৰ আলীৰ ২ টা বাসগৃহসহ নগদ ১.৫ লাখ টকা, অবিয়া খাতুনৰ ১ টা বাসগৃহসহ নগদ ২০ হেজাৰ টকা, ৰহমান আলীৰ ২ টা বাসগৃহসহ নগদ ১ লাখ টকা, মিছফাৰ আলীৰ ১ টা বাসগৃহসহ নগদ ২.৫ লাখ টকা, আফুলুজ্জামান সেখৰ ১ টা বাসগৃহ আৰু আবু বক্কাৰৰ ১ টা বাসগৃহসহ নগদ প্ৰায় ৬০ হেজাৰ টকা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত নগদ প্ৰয়া ৫ লাখ টকাসহ মুঠ ১৫ লাখ টকাৰ ক্ষতি হয়।

অগ্নিকাণ্ডৰ সময়ত মুঠ ৩ টা চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত জুই ভয়াবহ ৰূপ লয়। স্থানীয় ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও ৰাইজ জুই নিৰ্বাপনত ব্যৰ্থ হোৱাৰ পাছত হাটশিঙিমাৰী আৰু মানকাচৰৰ পৰা দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।