গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই সোণাপুৰ ৰাজহ চক্ৰত চলি থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰ্যবেক্ষণ কৰে। উপায়ুক্ত গৰাকীয়ে অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাসৰ সৈতে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়া আৰু অন্যান্য বিষয়া-বৰ্গৰ লগত বৰ্তমান চলি থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

বসুন্ধৰাকে আদি কৰি সকলো চৰকাৰী আঁচনিৰ কাম-কাজ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ আৰু হিতাধিকাৰীসকলে যাতে কোনো ক্ষেত্ৰতে হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়া-বৰ্গক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত উপায়ুক্তগৰাকীয়ে সোণাপুৰৰ তেতেলিয়া এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড পৰিদৰ্শন কৰে আৰু কেন্দ্ৰটোত উৎপাদন কৰা বহু মূল্যবান ককোৱা, এৰেকেনাত, পাম অইল আদি প্ৰত্যক্ষ কৰে আৰু কৃষকসকলৰ সৈতে মত বিনিময় কৰে।

কেন্দ্ৰটোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সাহায্যপ্রাপ্ত বায়’গেছ প্লেন্ট’ আৰু কৃষিবিভাগৰ সাহায্যপ্ৰাপ্ত ড্ৰিপ্ত্ জলসিঞ্চন ব্যৱস্থাও পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে। ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে সোণাপুৰৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে আৰুচিকিৎসালয়খনত নিয়োজিত চিকিৎসক, নাৰ্চ আদিৰ লগত চিকিৎসালয়খনত থকা সা-সুবিধা, যেনে ক’ভিড ১৯ প্ৰতিষেধক প্ৰদান ব্যৱস্থা, নতুন আইচিইউৰ কক্ষ তথা প্ৰসৱজনিত নৈশ অস্ত্ৰোপচাৰৰ ব্যবস্থা আদিৰ বিষয়ে পৰ্যালোচনা কৰে।

চিকিৎসালয়খনৰ চিকিৎসা বিষয়ত কিবা অভাৱ-অভিযোগ আছে নেকি তাৰো স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি উপায়ুক্ত গৰাকীয়ে বুজ লয় এই পৰিদৰ্শন কালত। ইয়াৰ পিছত উপায়ুক্ত গৰাকীয়ে ক্ষেত্ৰীৰ ধান সংগ্ৰহ কেন্দ্ৰটো পৰিদৰ্শন কৰে আৰু স্থানীয় কৃষকসকলৰ লগত মত বিনিময় কৰে। কৃষি, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া-বৰ্গৰ লগত অহা ২০ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিবলগীয়া ১,৯৪০ টকা নূন্যতম সমৰ্থন মূল্যত ধান সংগ্ৰহ ব্যৱস্থাৰ প্ৰস্তুতিৰ বুজ লয়।

উপায়ুক্ত গৰাকীয়ে গুমৰীয়াৰ জলজীৱন মিছনৰ অধীনৰ নীৰ-নিৰ্মল পৰিযোজনাৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-বৰ্গ, ঠিকাদাৰ আদিৰ লগত প্ৰকল্পটোৰ চলি থকা কাম-কাজৰ বিষয়ে পৰ্যালোচনা কৰি চলিত ডিচেম্বৰৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে।