নালবাৰী : নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চৌহদত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিকিৎসালয়খনৰ “চলিড ৱেষ্ট মেনেজমেন্ট”ৰ গুদামত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

দেওবাৰে সন্ধিয়াৰ ভাগত নালবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চৌহদত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত ক’লা ধোৱাই চানি ধৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন।

প্লাষ্টিকৰ চেলাইনৰ বটল থকা গুদামত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন।