গুৱাহাটী : গড়চুকত ১৬ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ। এখন ট্ৰাকৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি। জব্দ হেৰ’ইনখিনি অতি উচ্চ মানদণ্ডৰ বুলি আৰক্ষীৰ পৰীক্ষাত ধৰা পৰিছে। ১৬ কোটি টকা মূল্যৰ এই হেৰ’ইনখিনিৰ বজাৰ মূল্য ভেজাল কৰাৰ পিছত আৰু অধিক বৃদ্ধি পালে হয়।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্য এক বৃহৎ সাফল্য। অসম আৰক্ষীৰ হৈ এই সাফল্য লাভ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। ড্ৰাগছ বিৰোধী অভিযান চলাই মহানগৰ আৰক্ষীয়ে ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে যদিও দেওবাৰৰ সাফল্য অধিক তাৎপৰ্যপূৰ্ণ।

দেওবাৰে এক গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে অভিযান চলাই গড়চুকত এখন ট্ৰাকৰ পৰা ২ কেজি ৪২ গ্ৰাম হেৰ’ইন জব্দ কৰে। ডব্লিউবি-৬৫-চি-২১৫৫ নম্বৰৰ ১২ চকীয়া ট্ৰাকখনৰ পৰা জব্দ কৰা ২ কেজি ৪২ গ্ৰাম হেৰ’ইনখিনি অতি উচ্চ মানদণ্ডৰ বুলি আৰক্ষীৰ পৰীক্ষাত ধৰা পৰে।

এই হেৰ’ইনখিনিৰ মূল্য প্ৰায় ১৬ কোটি টকা হ’ব যদিও হেৰ’ইনখিনি ভেজাল কৰাৰ পিছত ইয়াৰ মূল্য আৰু অধিক বৃদ্ধি পাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। হেৰ’ইনখিনি উত্তৰ ভাৰতলৈ নিয়াৰ বাবে অনা হৈছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে হেৰ’ইনখিনি জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।