আজিজ আলী
মুকালমুৱা : লকডাউনত পত্নীৰ সোণ বিক্ৰী কৰি খোৱা পুৰোহিতে জলাকলা খুৱালে স্বাস্থ্য কৰ্মীক। পুৰোহিতৰ যুক্তি ভগৱানে নিৰ্দেশ দিয়া নাই বাবে পুৰোহিতে ক’ভিড প্ৰতিষেধক নলয়। চক্ৰ বিষয়াৰ বুজনিৰ পিছত পুৰোহিতৰ চৰ্ত মুখ্যমন্ত্ৰী আহিলে ক’ভিড প্ৰতিষেধক ল’ব। অৱশেষত পুৰোহিতজনে প্ৰতিষেধক লয়।

দেশজুৰি ‘হাৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ জড়িয়তে ক’ভিড প্ৰতিষেধক নোলোৱা লোক সকলক প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক। সমগ্ৰ দেশৰ লগতে অসমতো তীব্ৰ গতিত চলিছে ‘হাৰ ঘৰ দস্তক’ কাৰ্যসূচী। মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰী, স্বাস্থ্য কর্মী সকলো উঠি পৰি লাগিছে এই কাৰ্যসূচী সফলত কৰাত।

মন্ত্ৰী-বিধায়ক, চৰকাৰী কৰ্মচাৰী আৰু স্বাস্থ্য কর্মীয়ে ঘৰে ঘৰে গৈ ক’ভিড পৰিষেধক নোলোৱা লোক সকলক দিছে প্ৰতিষেধক। ইয়াৰ মাজতে কিন্তু প্ৰতিষেধক লোৱাৰ পৰা হাত সাৰিবলৈ বহু লোকে দাঙি ধৰিছে অদ্ভুত যুক্তি। মন্ত্ৰী-বিধায়ক, চৰকাৰী কৰ্মচাৰী আৰু স্বাস্থ্য কর্মীৰ বুজনিত বহু লোকে প্ৰতিষেধক ল’বলৈ মান্তি হৈছে যদিও কিছুমান কিন্তু অদ্ভুত যুক্তিৰে জলাকলা খুৱাইছে।

নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীস্থিত শিৱ বাবাৰ শক্তি মন্দিৰৰ পুৰোহিতজনে প্ৰতিষেধক ল’বলৈ অমান্তি হৈ জলাকলা খুৱালে স্বাস্থ্য কৰ্মীক। স্বাস্থ্য কৰ্মীয়েই নহয় বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তক অদ্ভুত যুক্তিৰে পুৰোহিতজনে জলাকলা খুৱালে। পুৰোহিতজনৰ যুক্তি ভগৱানে নিৰ্দেশ দিয়া নাই বাবে তেওঁ ক’ভিড প্ৰতিষেধক নলয়।

চক্ৰ বিষয়াৰ বুজনিত পুৰোহিতজনৰ প্ৰশ্ন ‘লকডাউনৰ সময়ত মই তিৰিৰ সোণ বিক্ৰী কৰি খাইছোঁ, তেতিয়া ক’ত আহিছিলে আপোনালোকে। মই অসমীয়াত কৈছো, ইংৰাজী কোৱা নাই, মোৰ ৰেচন কাৰ্ড নাই একো নাই।’ চক্ৰ বিষয়াৰ বুজনিৰ ওপৰত বুজনিৰ পিছত মুখ্যমন্ত্ৰী আহিলে ক’ভিড প্ৰতিষেধক ল’বলৈ সন্মতি প্ৰকাশ কৰে পুৰোহিতজনে।

সকলো চেষ্টা চলাই পুৰোহিতজনক প্ৰতিষেধক দিয়াৰ ব্যৰ্থ হোৱাৰ পিছত অৱশেষত আহি উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ উপস্থিতিত পিছত পুৰোহিতজনে প্ৰতিষেধক লয় আৰু তেওঁ প্ৰচাৰৰ বাবেহে প্ৰতিষেধক ল’বলৈ অস্বীকাৰ কৰিছিল বুলি কয়। লগতে পুৰোহিতজনে কয় আপোনালোকে মোক বিষৰ বেজী দিছে নে অমৃতৰ বেজী দিছে মই নাজানো।