ৰঙিয়া : দীপাৱালীৰ আনন্দৰ মাজতে জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি। অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভাড়া ঘৰত ভয়ংকৰ অগ্নিকাণ্ড। কাপোৰৰ গুদামৰ লগতে কেইবাটাও গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত।

পোহৰৰ উৎসৱ দীপাৱালীৰ দিনাই ৰঙিয়াত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাড়া ঘৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

অগ্নিকাণ্ডত কাপোৰৰ গুদামৰ লগতে কেইবাটাও গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ফটকাৰ জুইৰে এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে। অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ সময়ত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ইফালে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী কিছু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজ উত্তেজিত হৈ পৰে। ঘটনাস্থলীত আৰক্ষীৰ সৈতে একাংশ উত্তেজিত ৰাইজে তৰ্ক যুদ্ধতো লিপ্ত হয়।

আনহাতে ভাড়া ঘৰৰ পৰা জুই অন্য এটা কোঠালৈ বিয়পি পৰাত কোঠাত আৱদ্ধ হৈ থকা লোক সকলক ৰাইজে উদ্ধাৰ কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে দীর্ঘসময় ধৰি চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাড়া ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।