জোনমণি বেগম
বিশ্বনাথ : এসময়ৰ সশস্ত্ৰ সংগঠন এনডিএফবিৰ দুধৰ্ষ নেতা চাৰচিং ইংতি কাঠাৰ ওৰফে আই কে সংবিজিত সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত হ’ল। উল্লেখ্য যে এই চাৰচিং ইংতি কাঠাৰ কিছুদিন পূৰ্বলৈকে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বাবে এক মূৰৰ কামোৰণী হৈ পৰিছিল। চাৰচিং ইংতি কাঠাৰ নেতৃত্বতে এনডিএফবি নামৰ সশস্ত্ৰ সংগঠনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কুটাঘাটমূলক কাৰ্য সংঘটিত কৰি আৰক্ষী প্ৰশাসনৰ আৰু সাধাৰণ ৰাইজ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল।

এনডিএফবিৰ এই নেতা চাৰচিং ইংতি কাথাৰ ওৰফে সংবিজিত কিছুদিন পূৰ্বে ওভতি আহিছিল মূলসুতিলৈ। এই চাৰচিং ইংতি কাঠাৰৰ ঘৰ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সিমান্তৰ চেলাইখাটি গাঁৱত। সৰুতেই নিজৰ গাঁও, নিজৰ পৰিয়াল সকলোকে এৰি জংঘললৈ যোৱা চাৰচিং ইংতি কাঠাৰ পুনৰ নিজ গাঁওখনলৈ, নিজ আপোন মানুহবোৰৰ ওচৰলৈ উভতি আহিছে সুদীৰ্ঘ ১৪ বছৰৰ পিছত।

সশস্ত্ৰ সংগঠন ত্যাগ কৰি মূলসুতিলৈ ওভতি আহি সশস্ত্ৰ সংগঠনৰ নেতা গৰাকীয়ে বৰ্তমানৰ চৰকাৰৰ লগত কাৰ্বি শান্তি চুক্তি কৰে। কাৰ্বি জনগোষ্ঠিৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ চুক্তি কৰি ১৪ বছৰৰ পিছত নিজ গাঁওখনলৈ ওভতি অহাৰ বাবে বিশ্বনাথ জিলা কাৰ্বি সমাজে ব্যাপক আদৰণী জনায় নেতা গৰাকীক। নেতা গৰাকী ওভতি অহাত উৎফুলিত হৈ পৰে গাঁওবাসী।

আনহাতে বিশ্বনাথৰ অসম অৰুণাচল সিমান্তৰ সোনাজুলী আৰু ভিমাজুলী হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খাই আছিল চাৰচিং ইংতি কাঠাৰৰ। এই সন্দৰ্ভত নেতা গৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে সেই হত্যাকাণ্ডৰ লগত তেওঁ জড়িত নাছিল। যিসকল লোক জড়িত আছিল ইতিমধ্যে তেওঁলোক কাৰাগাত বন্দি হৈ আছে। আলফা স্বাধীনৰ নেতা পৰেশ বৰুৱাক মূলসুতিলৈ ওভতি আহি আলোচনা প্ৰক্ৰিয়াৰে সমস্যা সমূহ সমাধান কৰাৰ বাবে আহবান জনায় চাৰচিং ইংতি কাঠাৰে।

চাৰচিং ইংতি কাঠাৰ ওৰফে সংবিজিতৰ লগতে কাৰ্বি শান্তিচুক্তিত স্বাক্ষৰ কৰা ছয় কাৰ্বি উগ্ৰপন্থী সংগঠনৰ নেতা সকলকো বিশ্বনাথৰ কাৰ্বি ৰাইজে মূলসূতিলৈ ঘূৰি অহাৰ বাবে উষ্ম আদৰণি জনায়। আনহাতে সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁওখনলৈ ঘূৰি অহা চাৰচিং ইংতি কাঠাৰৰ আদৰণি অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো উপস্থিত থাকি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।