ভাস্কৰজ্যোতি মহন্ত
নাজিৰা : নাজিৰাত বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকলে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰিলে কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতা। দীপাৱলীৰ উপলক্ষে নাজিৰা মৌজাৰ অন্তৰ্গত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ দ্বাৰা লিগিৰী পুখুৰী বাগিছা প্ৰাথমিক বিদ্যালয়ৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ অন্তত আয়োজিত বঁটা বিতৰণী তথা মুকলি সভাত সমাজকৰ্মী তথা শিক্ষক ফটীক ৰাজু বৰুৱা, লিগিৰী পুখুৰী চাহ বাগিচাৰ সমাজ কল্যাণ বিষয়া ৰঞ্জিত কালান্দীৰ লগতে উদযাপন সমিতিৰ সভাপতি সত্যজিত ফুকন, সম্পাদক পাৰ্থপ্ৰতিম বৰুৱা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সভাৰ অন্তত কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰা হয়।

উক্ত সভা তথা বঁটা বিতৰণী অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী বিশেষভাৱে সক্ষম যুৱক-যুৱতীয়ে গীত পৰিৱেশন কৰে। দীপাৱলীৰ উপলক্ষে আয়োজন কৰা এই কাৰ্যসূচী সুন্দৰভাৱে সমাপন কৰাৰ বাবে আয়োজক সমিতিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাত অঞ্চলটোৰ বহু কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।