দক্ষিণ শালমাৰা : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ চৰ কানাইমাৰাত এজন কৃষকৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবাটাও হাঁহ-কুকুৰাসহ এটা গৰুৰ মৃত্যু, আহত দুটাকৈ গৰু। অগ্নিকাণ্ডৰ ফলত চাৰি লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি। নিশাৰ ভাগত গৰুক ধোঁৱা দিয়া জুইৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। 

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ চৰ কানাইমাৰাত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত এজন কৃষকৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবাটাও হাঁহ-কুকুৰা, এটা গৰু মৃত্যু মুখত পৰে। অগ্নিকাণ্ডত আন দুটাকৈ গৰু অগ্নিদগ্ধ হৈ আহত হোৱাত কৃষকজনৰ প্ৰায় চাৰি লক্ষাধিক টকাৰ ক্ষতি সাধণ হয়।

গাওঁখনৰ জাহান উদ্দীন নামৰ কৃষকজনৰ ঘৰত নিশা প্ৰায় ১২ বজাত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কৃষকজনে নিশা গৰুক ধোঁৱা দিয়া জুইৰে অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটি এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত ঘৰখনৰ ভিতৰত থকা এটা গৰু আৰু কেইবাটাও হাঁহ-কুকুৰা মৃত্যুৰ মুখত পৰে। একদৰে আন দুটা গৰু অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয়। অগ্নিকাণ্ডৰ ফলত গেছ চিলিণ্ডাৰকে ধৰি সকলো সামগ্ৰী ভস্মীভূত হৈ নষ্ট হোৱাত কৃষকজনৰ প্ৰায় চাৰি লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধণ হয়।

অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটো অতিকৈ ভিতৰুৱা হোৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া নহয় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত নিশাৰ ভিতৰতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই জুই নিৰ্বাপনৰ বাবে ওলাই অহাৰ বাবে অঞ্চলটোৰ বহু লোকৰ ঘৰ জুইৰ পৰা ৰক্ষা পৰে। ইফালে অগ্নিকাণ্ডৰ ফলৰ বিস্তৰ ক্ষতি সাধণ হোৱা কৃষক জাহান উদ্দীন মূৰে কপালে হাত দিছে।