আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰীৰ ঘোৰাথালৰ চৌদিশে জ্বলিছে বন্তি৷ নামঘৰ, মঠ-মন্দিৰত চাকি জ্বলাই পুলকেশ দাসৰ আশু আৰোগ্য কামনা৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোৰাথাল গাঁৱৰ এগৰাকী উদ্যমী তথা সমাজপ্ৰিয় যুৱকৰ আশু আৰোগ্য কামনা কৰি গাঁওবাসীয়ে গাঁওখনৰ চৌদিশে জ্বলাইছে বন্তি৷

ঘোৰাথালৰ গাঁৱৰ চৈনাৰাম দাসৰ কনিষ্ঠ পুত্ৰ তথা অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান পুলকেশ দাসে চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজি থকাত গাঁওবাসীয়ে মৰ্মাহত হৈ পুলকেশ দাসৰ আশু আৰোগ্য কামনা কৰি মন্দিৰে, মন্দিৰে চাকি জ্বলাইছে৷ প্ৰাপ্ত খবৰ অনুসৰি অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান পুলকেশ দাসে দক্ষিন শালমাৰা জিলাৰ হাটশিঙিমাৰীত কৰ্তব্যত নিয়োজিত হৈ থকাৰ সময়তে ১ ছেপ্টেম্বৰত উচ্চ ৰক্তচাপত ভুগি ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটালত চিকিৎসাধীন হৈ জীৱন মৃত্যুৰে যুঁজি আছে।

সমাজপ্ৰিয় পুলকেশ দাসৰ এই খবৰ গাঁওখনত বিয়পি পৰাৰ লগে লগে ম্ৰিয়মান হৈ পৰে গাঁওৱাসী৷ দেওবাৰে সন্ধিয়া গাঁওবাসীয়ে গাঁওখনত থকা ৰাজহুৱা শিৱ মন্দিৰ, নামঘৰত চাকি, ধূপ, ধুনা জ্বলাই পুলকেশ দাসৰ আশু আৰোগ্য কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়৷ গাঁওবাসীয়ে পুলকেশ দাস সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতি আহক ইয়াৰে কামনা কৰিছে।