বিশ্বনাথত ১০৫ গৰাকী ছাত্ৰ নেতাৰ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান

In ৰাজ্য
Umra Package

জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত জাতীয়তাবাদী শিবিৰত মূখ্যম আঘাত। এসময়ত “কা” আন্দোলনৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া জাতীয়তাবাদী ছাত্ৰ নেতাই দেওবাৰে পৰিধান কৰিলে গেৰুৱা বসন। বিজেপিৰ বিশ্বনাথ নগৰ মণ্ডল আৰু বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ উদ্যোগত বিশ্বনাথ নগৰৰ ধৰ্মশালাত অনুষ্ঠিত কৰা হয় এক যোগদান কাৰ্যসূচী। এই যোগদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী বিধান সভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা পৰেশ বৰকাকতিকে ধৰি আন বহুতো বিজেপিৰ বিষয়ববীয়াসকল।

বিশ্বনাথ নগৰ মণ্ডলৰ সভাপতি কোসেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বিশ্বনাথ জিলাৰ কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি সদৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি ঈসান প্ৰতিম শইকীয়া, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীণ মটক, ৰাজ্যিক নিবনুৱা সন্থাৰ প্ৰাক্তন উপ সভাপতি ধীৰেণ ডেকা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা ভাস্কৰ দাসে লগত প্ৰায় এশ পাঁচ গৰাকী বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

আনহাতে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰা প্ৰাক্তন ছাত্ৰ নেতা কেইগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। আনহাতে প্ৰাক্তন ছাত্ৰ নেতা কেইগৰাকীয়ে বিজিপিত যোগদান কৰাত সমাগত পৌৰসভাৰ নিৰ্বাচনত বিজেপিৰ শক্তি বিশ্বনাথ নগৰত দুগুণে বৃদ্ধি হ’ব বুলি নগৰ মণ্ডলৰ সভাপতি কোসেশ্বৰ বৰাই নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।সভাত ভাষণ দি প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে বিজেপিত যোগদান কৰা সকলৰ বহুতেই জাতীয় সংগঠনৰ পৰা অহা বুলি উল্লেখ কৰে। তেওঁ কয় যে সেই সময়ত তেওঁ লোকে “কা” আন্দোলনত যোগদান কৰিছিল।কিন্তু আজি তেওঁলোকে নিজৰ ভুল উপলব্ধ কৰি বিজেপি লৈ আহিছে। তেওঁলোকে আন দললৈ নগৈ বিজেপি লৈ অহাটো শুভ লক্ষণ বুলি মন্ত্যব কৰে।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu