নুৰুদ্দিন

বিলাসীপাৰা : বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ। এখন গেলামাল দোকান আৰু এখন ঔষধৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত। প্ৰায় ৭ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত।

মঙলবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিলাসীপাৰাৰ কদমতোলা ৩ য় খণ্ড গাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত ইমানুৰ ৰহমান আৰু সাহেনা বেগমৰ গেলামাল আৰু ঔষধৰ দুখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডত দুয়োখন দোকানত থকা ৭ লক্ষাধিক টকা মূল্যৰ সামগ্ৰী জুইত জাহ যায়। বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। বিলাসীপাৰা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে।