জোনমণি বেগম

বিশ্বনাথ : এক বিধ্বংসী অগ্নিকাণ্ডতৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত হ’ল তিনিটাকৈ পৰিয়ালৰ ঘৰ। জুইত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সম্পত্তি। চকুৰ সন্মুখত জ্বলি ছাই হ’ল ৫০০ টকীয়া নোট। কথমপি ৰক্ষা পৰিল বহু লোকৰ ঘৰ। 

সোমবাৰে নিশা বিশ্বনাথত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত আব্দুল মতালেব, আব্দুল আলী আৰু চহিবুৰ ৰহমান নামৰ তিনিজনকৈ লোকৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। নগদ ধনসহ কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।

বিশ্বনাথৰ ৩ নং কুমলিয়াত নিশা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা৷ অগ্নিকাণ্ডত আব্দুল মতালেবৰ প্ৰায় ৩ লাখ টকাৰ সম্পত্তি, আব্দুল আলীৰ প্ৰায় ২ লাখ টকাৰ সম্পত্তি আৰু চহিবুৰ ৰহমানৰ প্ৰায় ২ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়।

পৰিয়াল কেইটাই অশেষ কষ্টৰে কৃষিকৰ্ম আৰু হাজিৰা কৰি গোটোৱা ধন দাও দাওকৈ জ্বলি উঠা জুইৰ শিখাই ভস্মীভূত কৰে৷ অঞ্চলটোত সঘনাই বিদ্যুৎ সেৱা বন্ধ হৈ পৰাত মম ব্যৱহাৰ কৰাৰ ফলতে মমৰ দ্বাৰা জুইৰ সুত্ৰপাত ঘটা বুলি জানিব পৰা গৈছে৷

জুইৰ লেলিহান শিখাত পৰিয়াল কেইটাৰ ঘৰৰ লগতে নগদ ধন জ্বলি ছাই হয়। চকুৰ সন্মুখত ৫০০ টকীয়া নোট জ্বলি যোৱাৰ দৃশ্য দেখি পৰিয়াল কেইটাৰ সদস্য সকলৰ চকুৰ পানী নিগৰি আহে। এই বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বহু লোকৰ ঘৰ।