কোকৰাঝাৰ : ৰাজ্যত পুনৰ আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত অহাত এজন। আৰক্ষীৰ বন্দুকলৈ পলাবলৈ চেষ্টা কৰা গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। গাঞ্জা সৰবৰাহকাৰীজনৰ ভৰিত লাগিছে আৰক্ষীৰ গুলী। কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গাঞ্জা সৰবৰাহকাৰীজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

নগাঁৱত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে গুলীওৱা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ মাজতে পুনৰ আৰক্ষীৰ গুলীত অহাত হৈছে এজন। কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হৈছে এজন গাঞ্জা সৰবৰাহকাৰী। আৰক্ষীৰ বন্দুকলৈ পলাবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীজনৰ ভৰিত গুলীয়াই। গুলীবিদ্ধ গাঞ্জা সৰবৰাহকাৰীজন বিহাৰৰ সঞ্জীত কুমাৰ ৰায়।

কোকৰাঝাৰ আৰক্ষীৰ মতে অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমাবাৰে নিশা শিমুলটাপু আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ গাঞ্জাসহ এনএল-০১-কিউ-৮৮৭৮ নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে সঞ্জীত কুমাৰ ৰায়ক গ্ৰেপ্তাৰ কৰিছিল। ধৃত সঞ্জীত কুমাৰ ৰায়ক জেৰাৰ অন্তত আৰক্ষীয়ে সঞ্জীত কুমাৰ ৰায়ক লগতলৈ ছেৰফাংগুৰিত গাঞ্জা বিৰোধী অভিযান চলাবলৈ যায়।

অভিযানকালত সঞ্জীত কুমাৰ ৰায়ে আৰক্ষীৰ বন্দুকলৈ পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে সঞ্জীত কুমাৰ ৰায়ক লক্ষ্য কৰি গুলী চালনা কৰে। আহত সঞ্জীত কুমাৰ ৰায়ক আৰক্ষীয়ে ততাতৈয়াকৈ কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসালয়ত লৈ প্ৰেৰণ কৰে।