কলগাছিয়া : কলগাছিয়াৰ গুনীলগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল দুখনকৈ ধান খেৰৰ পুজি। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনীয়ালগুৰি গাঁৱত নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আব্দুছ ছামাদ নামৰ এজন লোকৰ ঘৰত থকা খেৰৰ পুজিত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুখন খেৰৰ পুজি ভস্মীভূত হয়।

জানিব পৰা মতে, কলগাছিয়া বজাৰৰ পৰা ঘৰলৈ উভতাৰ পথত একাংশ লোকে খেৰৰ পুজিত জুই প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে। পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত খেৰৰ পুজিৰৰ বাদে অন্য কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত আব্দুছ ছামাদ নামৰ লোকজনৰ ঘৰৰ লগতে কেইবাজনো লোকৰ ঘৰ ৰক্ষা পৰে।