গুৱাহাটী : ৰাজপথৰ ওপৰত জ্বলিল এখন মেজিক বাহন। মহানগৰী গুৱাহাটীৰ গীতা নগৰত ৰাজপথৰ ওপৰত হঠাৎ জ্বলি উঠে এখন চলন্ত মেজিক বাহন। অগ্নিকাণ্ড সংঘটিত হোৱা বাহনখনত আছিল ৬ জনকৈ যাত্ৰী।

মহানগৰী গুৱাহাটীৰ গীতা নগৰৰ ৰাজপথত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গীতা নগৰত এখন চলন্ত মেজিক বাহনত সংঘটিত হয় অগ্নিকাণ্ড। যাত্ৰীবাহী বাহনখন হঠাৎ ৰাজপথৰ ওপৰত জ্বলি উঠাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে যাত্ৰীসহ মেজিক বাহনখন আমচিঙৰ পৰা খানাপাৰা অভিমুখে গৈ আছিল। ৰাজপথৰ ওপৰত দাওদাওকৈ জ্বলি উঠা মেজিক বাহনখনত থকা ৬ জনকৈ যাত্ৰীৰ প্ৰাণ কথমপি ৰক্ষা পৰে। মেজিক বাহনখনত কেনেকৈ জুইৰ সূত্ৰপাত ঘটিল এই সম্পৰ্কে জানিব পৰা হোৱা নাই।

একাংশ প্ৰত্যক্ষদৰ্শীয়ে বিদ্যুৎ বিজুতিৰ ফলতে মেজিক বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ মেজিক বাহনখনৰ জুই নিৰ্বাপন কৰে যদিও বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।