কিশোৰ মিশ্ৰা
কোকৰাঝাৰ : কোকৰাঝাৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৃহৎ ধৰ্ণা কাৰ্যসূচী। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ ঘোষণাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত কোকৰাঝাৰ, গোসাইগাঁও আৰু পৰ্বতঝোৰা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কোকৰাঝাৰ জিলাৰ প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয়ৰ সমুখত এক বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

শিক্ষক সন্মিলনী সংগঠনটোৱে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকাৰণ কৰা, নতুন শিক্ষানীতি ২০২০ ত থকা শিক্ষকৰ স্বাৰ্থ হানিকৰ নীতি পৰিহাৰ কৰা, চুক্তি অনুসৰি ঠিকাভিত্তিক শিক্ষকৰ প্ৰাপ্য মৰগীয়া বানচ মোকলাই দিয়া, আৰ্জিত চুটি বছৰি ১০ দিনৰ পৰিবৰ্তে ৩০ দিনলৈ বৃদ্ধি কৰা আদি বিভিন্ন দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। দুপৰীয়া ১২ বজাৰ পৰা ১ বজালৈ এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দাবী সন্মিলি এখন স্মাৰক পত্ৰও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। উক্ত ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ ৰাজ্যিক উপ-সভাপতি সুব্রতো ধৰ, ৰাজ্যিক সহ-সম্পাদক বিনোদ চন্দ্র ৰায়, কোকৰাঝাৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী সভাপতি বিকাশ সুবেদি, সম্পাদক শ্বৰিফ হাছান, গোসাইগাঁও সন্মিলনীৰ সভাপতি তুলসী কুমাৰ ৰায়, সম্পাদক হায়াত আলী আহমেদ, শিক্ষক দেবাশীষ গাঙ্গুলি সহ প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষক সকল উপস্থিত থাকে।