গুৱাহাটী : ১২৫ বছৰীয়া সুদীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই প্ৰথমটো অলিম্পিক পদকেৰে অসমৰ মুখ উজলােৱা টকিঅ’ অলিম্পিৰ ব্ৰঞ্জৰ পদক জয়ী লাভলিনা বৰগােহাঁইক ৰাজ্য চৰকাৰৰ ক্রীড়া নীতি অনুসৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তিপত্র আনুষ্ঠানিকভাৱে প্রদান কৰে। জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাগৃহত আয়ােজিত এক বিশেষ অনুষ্ঠানত বিশিষ্ট ক্রীড়াবিদগৰাকীৰ হাতত নিযুক্তিপত্র তুলি দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে লাভলিনা বৰগােহাঞিয়ে অলিম্পিকৰ পদক অর্জনৰ দিনটো আছিল ৰাজ্যবাসীৰ বাবে সমসাময়িক ইতিহাসৰ এটা অত্যন্ত গৌৱৰ দিন। খুউব কম সময়ৰ বাবেহে সকলােকে উদ্বুদ্ধ কবি পৰা এনেধৰণৰ শুভক্ষণ আহে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিহাসৰ প্ৰথমটো অলিম্পিক পদকৰ পৰা আৰম্ভ কৰি দেশৰ সর্বোচ্চ ক্রীড়া পুৰস্কাৰ খেলৰ বঁটা অর্জনেৰে লাভলিনা বৰগোঁহাইয়ে জাতিটোক অত্যন্ত গৌৰৱান্বিত কৰিছে।

ৰাজ্যখনৰ এনে এগৰাকী কার্তিমান জীয়ৰীক ৰাজ্য চৰকাৰৰ ক্ৰীড়ানীতি অনুসৰি উপ-আৰক্ষী অধীক্ষক গদত নিযুক্তি প্রদান কৰিবলৈ পাই অতিশয় আনন্দিত হােৱা বুলি উল্লেখ কৰি তেওঁ কয় যে খেলুৱৈগৰাকীৰ বয়স আৰু ২০২১ বেটছত নিযুক্তিপ্রাপ্ত এ পি এছ বিষয়াৰ সংখ্যালৈ চাই নিজৰ কেৰিয়াৰত লাভলিনা বৰগােহাইয়ে অসম আৰক্ষীৰ যথেষ্ট উচ্চ পদৰীত আৰােহণ কৰাৰ লগতে ভৱিষ্যতে আই পি এছ বিষয়া হিচাপেও মনােনীত হােৱাৰ উজ্জ্বল সম্ভাবনা আছে। ক্রীড়া ক্ষেত্ৰত অসম আৰক্ষীৰ এক সােণালী ইতিহাস আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গিলবার্টচন চাংমা, জুবেল বে’ৰ দৰে স্বনামধন্য খেলুৱৈয়ে নিজৰ অনবদ্য ক্রীড়া প্রতিভাৰে অসম আৰক্ষীৰ শিৰ উচ্চ কৰিছে। একেদৰে লাভলিনা বৰগোঁহাইয়েও অসম আৰক্ষীৰ এগৰাকী বিষয়া হিচাপে ক্রীড়াক্ষেত্ৰত বাহিনীটোক অধিক গৌৰৱান্বিত হােৱাৰ সুযোগ প্রদান বুলি তেওঁ আশা প্রকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ক্রীড়া এতিয়া পূর্বৰ দৰে সহ-বিদ্যায়তনিক কার্যকলাপ হৈ থকা নাই, ই মূল পাঠ্যক্ৰমৰে এক অংগ হৈ পৰিছে। শৈক্ষিক দিশত ব্যুৎপত্তি প্রদর্শনেৰে প্রতিযােগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ অসম আৰক্ষী সেৱা বা অন্যান্য ৰাজপত্ৰিত বিষয়াৰ চাকৰি লাভৰ নিচিনাকৈ ক্রীড়া নৈপুণ্যৰ জৰিয়তেও এনে চাকৰি লাভৰ পদ প্রশস্ত হৈছে। ক্রীড়া প্রতি আমাৰ সমাজৰ দৃষ্টিভংগীৰ সম্পূর্ণ পৰিৱৰ্তনৰ প্রয়ােজনীয়তা আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত ক্রীড়া আন্তঃগাঁথনি সুদৃঢ়কৰণৰ বাবে চৰকাৰে সম্ভৱপৰ সকলাে পদক্ষেপ গ্রহণ কৰি আছে, কিন্তু মাথোঁ আন্তঃগাঁথনি গঢ়ি তুলিলেই ক্রীড়াক্ষেত্ৰত সফলতা আৰ্জিব নােৱাৰি, তাৰ বাবে উপযুক্ত প্রশিক্ষণ আৰু ক্ৰীড়াসুলভ মানসিকতাৰাে একান্তই প্রয়ােজন। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সঠিক সময়ত প্রতিভা আৱিস্কাৰ কৰিব নােৱাৰিলে ইকলিতে মৰহি যায়। সেয়েহে গাঁৱে-ভূঞে থকা ক্রীড়া প্রতিভাসমূহ তৃণমূল পর্যায়তে উপযুক্ত ৰূপত আৱিস্কাৰৰ বাবে এক ব্যৱস্থা গঢ়ি তােলাৰ ওপৰত তেওঁ গুৰুত্ব আৰােপ কৰে।

ড্রাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ প্রতি আসক্তিৰ দৰে যুৱ উচ্ছৃংখলতাৰ পৰা মুক্তিৰ বাবে ক্রীড়াই সর্বোত্তম পথ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হতাশাগ্রস্ত মানসিকতাৰ পৰা গঠনমূলক কাম-কাজত জড়িতকৰণেৰে যুৱ সমাজৰ বৌদ্ধিক আৰু সামাজিক উত্তৰণত ক্রীড়াই গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আৰক্ষী কর্মীসকলৰ মাজত আন্তঃথানা পর্যায়ৰ ক্রীড়া প্রতিযােগিতা, সর্বসাধাৰণৰ মাজত পঞ্চায়ত পর্যায়ৰ ক্রীড়া প্রতিযােগিতা, আন্তঃবাগিচা ক্রীড়া প্রতিযােগিতা আদিৰ সঘন আৰু নিয়মীয়া আয়ােজনেৰে আমি এক বহুমুখী ক্রীড়া আন্দোলন গঢ়ি তুলিব লাগিব বুলিও নিজৰ বক্তব্যত তেওঁ উল্লেখ কৰে।অনুষ্ঠানত ক্রীড়ামন্ত্ৰী বিমল বৰাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক, মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান, গৃহ বিভাগৰ প্ৰধান সচিবৰ লগতে প্রশাসন আৰু অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়ববীয়াসকল, লাভলিনা বৰগােহাঁইৰ পিতৃ-মাতৃ আৰু ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ক্রীড়া সংগঠক উপস্থিত থাকে।