যোৰাবাট : যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী। ব্ৰাউন ছুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰীজনক জালত পেলাবলৈ সক্ষম হ’ল যোৰাবাট আৰক্ষী। ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা জব্দ ১২ গ্ৰাম ব্ৰাউন ছুগাৰ।

অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে জালত পেলাবলৈ সক্ষম হৈছে কেইবাজনো কুখ্যাত ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰীক।

মাঘ বিহুৰ আনন্দৰ মাজতো আৰক্ষীয়ে চলাই গৈছে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ। মাঘ বিহুৰ উখল মাখল পৰিৱেশৰ সুযোগ গ্ৰহণ কৰি যাতে কোনো ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰিবলৈ সক্ষম নহয় ইয়াৰ ওপৰত বিশেষ নজৰ ৰাখিছে আৰক্ষীয়ে। যোৰাবাট আৰক্ষীয়ে ইয়াৰ সুফলো লাভ কৰিবলৈ সক্ষম হৈছে।

শনিবাৰে যোৰাবাট আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই যোৰাবাটত এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাই ১২ গ্রাম ব্ৰাউন ছুগাৰসহ অৰুণাচল প্ৰদেশৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ধৃত অৰুণাচল প্ৰদেশৰ ইটনাগৰৰ ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম মাৰ্কনি ৰিবা বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীজনে মেঘালয়ৰ শ্বিলঙৰ পৰা ব্ৰাউন ছুগাৰখিনি আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যোৰাবাটত তিনিআলিত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে।