লামডিং : হোজাই জিলা লামডিং বনাঞ্চলৰ পৰা বন্দুকসহ আটক চাৰিজন চোৰাং চিকাৰী। বন বিভাগৰ লোক লামডিং বনাঞ্চলত তলহ দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে চোৰাং চিকাৰী কেইজনক। বিগত দুই-তিনি দিন ধৰি চোৰাং চিকাৰী কেইজন লামডিং বনাঞ্চলত কেম্প পাতি আছিল।

বুধবাৰে সন্দিয়াৰ ভাগত হোজাই জিলা লামডিং বনাঞ্চলৰ পৰা বন কৰ্মীৰ এটা দলে বন্দুকসহ চাৰিজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। লামডিং বনাঞ্চলৰ উচ্ছেদিত অঞ্চলৰ ঠাদংনলাৰ পৰা বন কৰ্মীৰ দলটোৱে দুটা হস্ত নিৰ্মিত বন্দুকসহ আটক কৰে চোৰাং চিকাৰীক চাৰিজনক।

আটকাধীন চোৰাং চিকাৰী কেইজন সঞ্জিট চাকমা, সুক্ৰচাৰ্য্য চাকমা, জয়বীৰ চাকমা আৰু সঞ্জীট কুমাৰ চাকমা বুলি লংকা বনাঞ্চলিক বিষয়া নিৰুদ কুমাৰ সুতে জানিবলৈ দিয়ে। বৰ্তমান আটকধীন চোৰাং চিকাৰী চাৰিজনক লংকাৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয় ৰাখি অধিক তথ্যৰ বাবে বন বিভাগে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, চোৰাং চিকাৰী চাৰিজনে লামডিং বনাঞ্চলৰ উচ্ছেদিত অঞ্চলত কেম্প পাতি বিগত কেইদিনমানৰ পৰা অৱস্থান কৰি আছিল বুলি জানিব পৰা গৈছে। চোৰাং চিকাৰী চাৰিজনে মাছ ধৰিবলৈ বনাঞ্চলত প্ৰৱেশ কৰা বুলি জানিবলৈ দিয়ে। কিন্তু দুটাকৈ হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ হোৱাত সন্দেহ প্ৰকাশ কৰা হৈছে যে বন্যপ্ৰাণীৰ চিকাৰী কৰিবলৈ চাৰিওজন বনাঞ্চলত প্ৰৱেশ কৰিছিল।