আজিজ আলী

নলবাৰী : নামনিমুৱা ইণ্টাৰচিটী এক্সপ্ৰেছত জুই। এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল নামনিমুৱা ইণ্টাৰচিটী এক্সপ্ৰেছ। ৰে’ল বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰিল ৰে’লখনত থকা যাত্ৰী সকলৰ প্ৰাণ। বিদ্যুৎ বিজুতিৰ ফলত জুইত সূত্ৰপাত।

সোমবাৰে নিশা ৯.১৫ বজাত নলবাৰী ৰে’ল ষ্টেচনত ইণ্টাৰচিটী এক্সপ্ৰেছত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বাই ৰে’ল বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰে’লখনত থকা যাত্ৰী সকলৰ কোনো ক্ষতি সাধন নহয়।

জানিব পৰা মতে নামনিমুৱা ইণ্টাৰচিটী এক্সপ্ৰেছখন নলবাৰীৰ দিশে আহি থকা অৱস্থাত ৰে’লখনৰ ইঞ্জিনত জুইত সূত্ৰপাত ঘটে। ইয়াৰ পিছতে ৰে’লখনত থকা যাত্ৰী সকলৰ মাজত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। ৰে’লখন নলবাৰী ৰে’ল ষ্টেচনত আহি পোৱাৰ লগে লগে মাইকযোগে ঘোষণা কৰি যাত্ৰী সকলক ৰে’লখনৰ নামিবলৈ আহ্বান জনোৱা হয়।

ইয়াৰ পিছতে নলবাৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল তৎপৰতাৰে ৰে’ল ষ্টেচনত উপস্থিত হৈ জুই নিবাপন কৰে। বিদ্যুৎ বিজুতিৰ ফলতে ৰে’লখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইয়াৰ পিছতে যাত্ৰীবাহী ৰে’লখনত অন্য ইঞ্জিন সংযোগ কৰি যাত্ৰী সকলক নিয়াৰ ব্যৱস্থা কৰে ৰে’ল বিভাগে।