নিউজ ডেক্স : সমগ্ৰ বিশ্বতে ভয়াবহভাৱে সংক্ৰমিত হৈছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰন। দক্ষিণ আফ্ৰিকাত প্ৰথমে ধৰা পৰা ক’ভিডৰ এই নতুন ভেৰিয়েন্ট অ’মিক্ৰন ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত সংক্ৰমিত হৈছে। ভাৰততো ইয়াৰ অৱস্থিতি ধৰা পৰিছে। বৰ্তমানলৈকে ভাৰতত ৫৭৯ জন লোক আক্রান্ত হৈ আছে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট অ’মিক্ৰনত।

দেশৰ ১৯ খন ৰাজ্যত সংক্ৰমিত হৈছে অ’মিক্ৰন। দেশৰ ৰাজধানী দিল্লীত সৰ্বাধিক ৭৯ জন লোক আক্রান্ত হৈ আছে অ’মিক্ৰনত। দেশৰ উত্তৰ পূবৰ ৰাজ্য সমূহ অ’মিক্ৰন মুক্ত হৈ আছিল যদিও সোমবাৰে উত্তৰ পূবত ধৰা পৰে প্ৰথমজন অ’মিক্ৰন আক্রান্ত লোক। উত্তৰ পূবৰ মণিপুৰত এজন লোক অ’মিক্ৰনত আক্রান্ত বুলি ধৰা পৰিছে। পশ্চিম ইম্ফলত এজন ৪৮ বছৰীয়া লোকৰ শৰীৰত অ’মিক্ৰনৰ অৱস্থিতি ধৰা পৰিছে।

অ’মিক্ৰনত আক্রান্ত লোকজন কিছুদিন পূৰ্বে তাঞ্জানিয়াৰ পৰা মণিপুৰলৈ আহিছিল। অ’মিক্ৰনত আক্রান্ত লোকজন যোৱা ২১ ডিচেম্বৰত ক’ভিডত আক্রান্ত হৈছিল। ইয়াৰ পিছতে লোকজনৰ শৰীৰৰ নমুনা অ’মিক্ৰন পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। পৰীক্ষাৰ অন্তত অৱশেষত লোকজন ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰনত আক্রান্ত বুলি ধৰা পৰে। আক্রান্ত লোকজনৰ পৰিচয় সম্পৰ্কে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই।