আজিজ আলী
হাজো : হাজোৰ দক্ষিণ বৰ্ণিত কইনা ঘৰত দৰাৰ ওপৰত পৰিল ঔকিল। লম্পট আশ্ৰফ হুছেইন খান নামৰ দৰাজনক আটক কৰিলে আৰক্ষীয়ে। হাজোৰ দক্ষিণ বৰ্ণিত দ্বিতীয় বিয়া কৰাবলৈ অহা গুৱাহাটীৰ হাতীগাঁও নটবমাৰ দৰা আশ্ৰফ হুছেইন খানক হাতেলোতে ধৰিলে প্ৰথমা পত্নীয়ে। আশ্ৰফ হুছেইন খানে দক্ষিণ বৰ্ণিৰ এগৰাকী যুৱতীৰ লগত দ্বিতীয় বিবাহ কৰিবলৈ উপস্থিত হোৱাৰ লগে লগে কইনা ঘৰত প্ৰথমা পত্নী উপস্থিত হোৱাত অঞ্চলজুৰি সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ নটবমাৰ আশ্ৰফ হুছেইন খানে প্ৰথমা পত্নী থকাৰ পিছতো আন এগৰাকীক বিয়া কৰাবলৈ আহি দেওবাৰে নিশা হাজো আৰক্ষী থানাৰ আলহী হ’বলগীয়া হ’ল। আশ্ৰফ হুছেইন খান ৪ বছৰ পূৰ্বে বৰপেটা জিলাৰ দঙৰকুছিৰ এইগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কিন্তু বিয়াৰ ৭ মাহ পিছতে পত্নীক এৰি বহিঃৰাজ্যলৈ গৈছিল আশ্ৰফ হুছেইন খান। ইয়াৰ পিছত পত্নীৰ ওপৰত আশ্ৰফ হুছেইন খানৰ পৰিয়ালে যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে প্ৰথমা পত্নী ছামিমা আখতাৰে।

ইয়াৰ মাজতে দেওবাৰে নিশা প্ৰথমা পত্নীৰ অজ্ঞাতে হাজোৰ দক্ষিণ বৰ্ণিত বিয়া কৰাবলৈ আহে আশ্ৰফ হুছেইন খান। দ্বিতীয় বিবাহৰ খবৰ পাই প্ৰথমা পত্নী দক্ষিণ বৰ্ণিত উপস্থিত হৈ হাতেলোতে ধৰিলে আশ্ৰফ হুছেইন খানক প্ৰথমা পত্নীয়ে। ইয়াৰ পিছত দৰাৰ ওপৰত ঔকিল পৰাত অঞ্চলজুৰি সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। বিবাহস্থলীৰ পৰাই হাজো আৰক্ষীয়ে দৰা আশ্ৰফ হুছেইন খানক আটক কৰি জেৰা অব্যাহত ৰাখিছে।