জোনমণি বেগম

বিশ্বনাথ : গঁড়ৰ খড়্গ বিক্ৰী কৰিবলৈ অহা ৫ চোৰাং ব্যৱসায়ী আৰক্ষীৰ জালত। ৭০ লাখ টকাত গঁড়ৰ খড়্গ বিক্ৰী কৰিবলৈ অহা চোৰাং ব্যৱসায়ী ৫ জনক গ্ৰেপ্তাৰ কৰে বিশ্বনাথ জিলা আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত নিশা গঁড়ৰ খড়্গ ব্যৱসায়ী ৫ জনৰ বিৰুদ্ধে অভিযান চলাইছিল বিশ্বনাথ জিলা আৰক্ষীয়ে।

বিশ্বনাথ জিলা আৰক্ষীৰ অভিয‍ানত গঁড়ৰ খড়্গসহ ৫ জন চোৰাং গঁড়ৰ খড়্গ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈছে। বুধবাৰে নিশা বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰী দলে বিশ্বনাথ নগৰৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰাং গঁড়ৰ খড়্গ ব্যৱসায়ী ৫ জনক। বিশ্বনাথ জিলা আৰক্ষীয়ে এক সম্ভেদ লাভ কৰিছিল যে বিশ্বনাথত এটা চোৰাং গঁড়ৰ খড়্গ ব্যৱসায়ীৰ দল বহু দিনৰ পৰা ব্যৱসায় চলাই আহিছে।

বুধবাৰে নিশাও চোৰাং গঁড়ৰ খড়্গ ব্যৱসায়ীৰ চক্ৰটোৱে এটা খড়্গ বিক্ৰী কৰিবলৈ আহিছিল। উক্ত সম্ভেদৰ ভিত্তিতে বিশ্বনাথ সদৰ আৰক্ষীৰ দলে প্ৰথমে আছলাম শ্বেখক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈ আৰু আছলাম শ্বেখৰ পৰাই বিশ্বনাথ জিলা আৰক্ষীয়ে উদ্ধাৰ কৰে গঁড়ৰ খড়্গটো। ইয়াৰ পিছতে অভিযান চলাই আৰক্ষীয়ে আন ৪ জন চোৰাং খড়্গ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অভিযানকালত বিশ্বনাথ জিলা আৰক্ষী গঁড়ৰ খড়্গ কিনা গ্ৰাহক হিচাপে চোৰাং গঁড়ৰ খড়্গ ব্যৱসায়ী কেইজনৰ লগত দাম দৰ কৰে। চোৰাং খড়্গ ব্যৱসায়ী কেইজনে আৰক্ষীৰ অভিযানকাৰী দলটোক গঁড়ৰ এটা খড়্গৰ মূল্য ৭০ লাখ টকা বুলি কৈছিল। ধৃত চোৰাং গঁড়ৰ খড়্গ ব্যৱসায়ী কেইজন ক্ৰমে আছলাম শ্বেখ, হামিদ শ্বেখ,
ঘনশ্যাম গুপ্তা, মন্টু চমুৱা আৰু জমিৰ আলী।