গুৱাহাটী : হেলথ চিটী হাস্পতালৰ বিশিষ্ট শিশুৰােগ বিশেষজ্ঞ ডাঃ য়াছিন আলীয়ে ১ মাহ ২০ দিন বয়সীয়া এটি শিশুৰ দেহত বিশ্বৰ ভিতৰতে প্রথমবাৰৰ বাবে একলগে তিনিটা বিশেষ ৰােগৰ উপস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে। ডাঃ য়াছিন আলীয়ে বিগত এবছৰ ধৰি চলােৱা নিৰলস অধ্যয়ন আৰু গৱেষণাৰ পিছত নিশ্চিত হৈছে যে প্রাইমেৰী চিলিয়াৰী ডিছকিনেছিয়া, নুনাছ ছিড্রোম আৰু হৰ্ছ শ্ব’ কিডনীৰ উপস্থিতি একেলগে ধৰা পৰা এই শিশুটিয়েই হ’ল বিশ্বৰ প্ৰথমগৰাকী শিশু।

হেলথ চিটী হাস্পতালত এক সংবাদমেল সম্বােধন কৰি এই তথ্য সদৰী কৰে ডাঃ য়াছিন আলীয়ে। বিশিষ্ট শিশুৰােগ বিশেষজ্ঞজনে প্রকাশ কৰা অনুসৰি ১ মাহ ২০ দিন বয়সীয়া শিশুটিক ২০২০ বৰ্ষৰ ২৩ ডিচেম্বৰত হেলথ চিটী হাস্পতালত ভর্তি কৰােৱা হয়। জন্মৰ ২৫ দিন পিছৰে পৰা কাঁহত ভুগি থকা শিশুটিক স্থানীয় চিকিৎসকে সুচিকিৎসা আগবঢ়ায় যদিও আৰােগ্য লাভ কৰা নাছিল। হেলথ চিটীত ভর্তিৰ ৫ দিন পূৰ্বৰে পৰা শিশুটি উশাহ-নিশাহৰ কষ্টততো ভুগিছিল আৰু মাতৃ দুগ্ধ পান কৰিব নােৱাৰা হৈছিল। নিউমােনিয়াত আক্রান্ত শিশুটিৰ চিকিৎসাৰ উদ্দেশ্য তেজ পৰীক্ষাৰ লগতে এইচ আৰ চি টি, এঞ্জিঅ’গ্রাফী, ইক’কার্ডিঅ’গ্রাফী আৰু ভাচুৱেল ব্রংকোস্ক’পী কৰা হয়।

অৱশেষত শিশুটিয়ে সঁহাৰি দিয়ে আৰু শিশুটি নিউমােনিয়াৰ পৰা আৰােগ্য লাভ কৰে। ডাঃ য়াচিন আলীয়ে কয় যে শিশুটি ভাল পােৱাৰ পিছতাে মােৰ মনত সন্দেহ ৰৈ গ’ল। জন্মৰ সময়ত যিহেতু সুস্থ-সবল আছিল সেয়ে শিশুটিৰ নিউমােনিয়া নিৰাময় হওঁতে ইমান দীঘলীয়া সময়ৰ কিয় প্রয়ােজন হ’ল। এই প্রশ্নটোৱে অহৰহ মােৰ মূৰত ক্রিয়া কৰি আছিল আৰু মই অধ্যয়ন কৰিও কোনাে সন্তোষজনক উত্তৰ নাপাই জেনেটিক পৰীক্ষাৰ সিদ্ধান্ত ল’লাে। সেই অনুসৰি ২০২০ৰ ৩০ ডিচেম্বৰত নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে বাংগালুৰুলৈ প্ৰেৰণ কৰা হ’ল। এমাহ পিছত অর্থাৎ ২০২১ বৰ্ষৰ ৩০ জানুৱাৰীত মােৰ হাতত পৰিলহি জেনেটিক পৰীক্ষাৰ ৰিপাের্ট।

পৰীক্ষাৰ ৰিপাের্টত আশ্চর্যজনকভাৱে শিশুটিৰ দেহত দুটা বিৰল জেনেটিক ৰােগ ক্রমে প্রাইমেৰী চিলিয়াৰী ডিছকিনেছিয়া আৰু নুনাছ ছিড্রোম ধৰা পৰে। ইতিপূর্বে চি টি স্কেনত শিশুটিৰ শৰীৰত হৰ্ছ শ্ব’ কিডনী ধৰা পৰিছিল। চিকিৎসা বিজ্ঞানৰ ছাত্ৰাৱস্থাৰে পৰা চিকিৎসক জীৱনলৈ কোনাে এটি শিশুৰ ক্ষেত্ৰত জন্মগতভাৱে এই তিনিটা বিসংগতি বা ৰােগৰ একেলগে উপস্থিতিৰ কোনাে তথ্য মােৰ জনা নাই। মই অতি গুৰুত্ব সহকাৰে অধ্যয়ন আৰু গৱেষণা কৰিলাে। বিগত এবছৰ কাল ধৰি মই অবিৰত অধ্যয়ন কৰিছাে, শতাধিক আন্তর্জাতিক চিকিৎসা বিজ্ঞানৰ জার্নেল অধ্যয়ন কৰিছাে, ৰাজ্য তথা দেশৰ বিভিন্ন চিকিৎসকৰে মত বিনিময় কৰিছাে, আন্তৰাষ্ট্ৰীয় পর্যায়তাে খা-খবৰ লৈছাে-মত বিনিময় কৰিছাে কিন্তু কতাে উল্লিখিত তিনিটা ৰােগৰ একেলগে উপস্থিতিৰ তথ্য বা উল্লেখ নাই।

অৱশেষত মই নিশ্চিত হৈছাে যে জন্মগতভাৱে একেলগে এই তিনিটা ৰােগ ধৰা পৰা এই শিশুটিয়েই হৈছে বিশ্বৰ প্রথম শিশু। ডাঃ য়াছিন আলীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে এই শিশুটি মাজে সময়ে নিউমােনিয়াত আক্ৰান্ত হৈ থাকিব আৰু বংশবৃদ্ধিত বাধা আহিব পাৰে। সময়ে সময়ে শিশুটিৰ চিকিৎসাৰ প্রয়ােজন হ’ব। হৰ্ছ শ্ব’ কিডনীৰ বাবে শিশুটিৰ মুত্র নলীবােৰ বন্ধ হৈ যােৱাৰ সম্ভাৱনা আছে আৰু কিডনীৰ পাথৰ হােৱাৰাে সম্ভাৱনা আছে। আনহাতে আজি হেলথ চিটী হাস্পতালত মুকলি কৰা হয় শিশুৰ টিকাকৰণ কেন্দ্র। জন্মৰ পৰা শিশুৰ কিছুমান ৰােগ প্ৰতিৰােধৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত আটাইবােৰ চিটা এই কেন্দ্ৰত প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

কেন্দ্রটি উদ্বোধন কৰি হেলথ চিটীৰ চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰে কয় পলিঅ, হেপাটাইটিছ ইত্যাদি ৰােগ প্ৰতিৰােধৰ বাবে পর্যায়ক্রমে এই চিটা সমূহ দিয়া হয়। প্রতি সপ্তাহৰ সােমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৯.০০ বজাৰ পৰা আবেলি ৫.০০ বজালৈ এই টিকাকৰণ কেন্দ্ৰটো মুকলি থাকিব। তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰি কয় সুস্থ-সবল শিশুৱেহে ভৱিষ্যতে সুনাগৰিক হিচাপে সুস্থ-সবল জাতি আৰু দেশ গঢ়াত অৰিহণা যােগাব পাৰে। সেয়েহে শিশুৰ টিকাকৰণত অভিভাৱকে অৱহেলা কৰা অনুচিত।