আজিজ আলী

মুকালমুৱা : অৰুণোদয় আঁচনিৰ লগতে সকলো চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। বিচনাখনেই সংগী দুৰ্ভগীয়া পৰিয়ালটোৰ এটি ৪ বছৰীয়া কণমাণি শিশুৰ। কণমাণি শিশুটিৰ চিকিৎসাৰ বাবে চৰকাৰ তথা অসমবাসী ৰাইজলৈ সাহাৰ্য বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩ নম্বৰ বৰতলা গাঁৱৰ এটি অসহায় পৰিয়ালৰ। পৰিয়ালটোৰ লীলা দাস নামৰ মহিলা গৰাকী বিশেষভাৱে সক্ষম। লীলা দাস নামৰ মহিলা গৰাকীৰ স্বামী ভগৱান দাস আজিৰ পৰা ৩ বছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত হেৰুৱাইছিল এখন ভৰি।

অতি দুখীয়া এই পৰিয়ালটোৰ ধনৰ অভাৱত ভগৱান দাসৰ চিকিৎসা আধৰুৱা হৈ থাকিল। ইফালে ভগৱান দাসৰ একমাত্ৰ পুত্ৰ ঋষি দাস জন্মৰ এবছৰ পিছৰে পৰা মাত মাতিব নোৱাৰা অৱস্থা হোৱাৰ লগতে আজি প্ৰায় ৫ মাহৰ পৰা খোজ কাঢ়িবও নোৱাৰা হৈ পৰিছে। ৪ বছৰীয়া এই শিশুটি অসহায়ভাৱে বিচনাত পৰি চকুৰে চাই থাকিবলগীয়া হৈছে।

আনহাতে, অতি দুখীয়া এই পৰিয়ালটোৱে আজিলৈকৈ কোনোধৰণৰ চৰকাৰী সাহাৰ্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালটিৰ মুৰব্বী ভগৱান দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰভাৱে অনুৰোধ কৰিছে যাতে তেওঁৰ সন্তানটিৰ উন্নতমানৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে।

চৰকাৰৰ লগতে এই দুৰ্ভগীয়া পৰিয়ালটোৱে কণমানি শিশুটিৰ চিকিৎসাৰ বাবে অসমবাসী ৰাইজৰো সাহাৰ্য বিচাৰিছে। কোনো সদাশয় লোকে পৰিয়ালটোক সাহাৰ্য কৰিব বিচাৰিলে পৰিয়ালটোৰ মুৰব্বী ভগৱান দাসৰ কাপবলাবড়ীস্থিত ইউকো বেংকৰ একাউণ্ট নম্বৰ ২৬৫১০১১০০২২৭৯৫, আই এফ এছ চি কোড নম্বৰ ইউচিবিএ ০০০২৬৫১ ত আৰ্থিকভাৱে সাহাৰ্য আগবঢ়াব পাৰিব।