হাফলং : ডিমা হাছাও জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চালক-হেণ্ডিমেনসহ পাঁচখনকৈ ট্ৰাক জ্বলাই দিয়ে দুৰ্বৃত্তই। প্ৰথমে ট্ৰাক কেইখনৰ ওপৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলী বর্ষণ ইয়াৰ পিছতে অগ্নি সংযোগ। অগ্নিদগ্ধ অৱস্থাত ট্ৰাক কেইখনৰ পৰা উদ্ধাৰ চালক-হেণ্ডিমেনৰ মৃতদেহ। পাঁচখন ট্ৰাকৰ ভিতৰত এখন কয়লা ভৰ্তি ট্ৰাক।

Please subscribe our YouTube Channel and like our Facebook page. 

বৃহস্পতিবাৰে নিশা ৮.৩০ মান বজাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ডিমা হাছাও জিলাৰ হাফলং তিনিআলিৰ ডিয়ুংমুখৰ লংকা আৰু উমৰাংচু পথত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে ট্ৰাক কেইখনৰ ওপৰত গুলী বর্ষণ কৰি পিছত ট্ৰাক কেইখনত অগ্নি সংযোগ কৰে।

ট্ৰাক কেইখনৰ এখন কয়লা ভৰ্তি ট্ৰাক আছিল আৰু আন চাৰিখন ট্ৰাক ডালমিয়া চিমেণ্টৰ আছিল বুলি জানিব পৰা গৈছে। ঘটনাত পাঁচজনকৈ ট্ৰাক চালক আৰু হেণ্ডিমেনৰ মৃত্যু হৈছে। ট্ৰাক কেইখনত দুৰ্বৃত্তৰ দলটোৱে অগ্নি সংযোগ কৰাৰ পিছতে ৰাজপথৰ ওপৰত দাও দাওকৈ ট্ৰাক কেইখন জ্বলি উঠে। পাঁচজনকৈ ট্ৰাক চালক আৰু হেণ্ডিমেন নিহত হোৱাৰ লগতে কেইবাজনো চালক আৰু হেণ্ডিমেন গুৰুত্বৰভাৱে অগ্নিদগ্ধ হৈছে৷

ঘটনা সংঘটিত কৰিয়ে দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ডিমাছা উগ্ৰপন্থী সংগঠনে এই লোমৰ্হষক কাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ডিমাছা উগ্ৰপন্থী সংগঠন ডিএনএলএ এই ভয়ংকৰ ঘটনাৰ লগত জড়িত থকাৰ বুলিও একাংশই প্ৰকাশ কৰিছে। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ট্ৰাক কেইখনৰ জুই নিৰ্বাপন কৰে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হাফলংত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷