গুৱাহাটী : মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটী আৰক্ষীৰ জালত। ৪৫ বছৰীয়া ড্ৰাগছ সৰবৰাহকাৰী মিজোৰামৰ মহিলা গৰাকী শ্বিলংৰ পৰা আহিছিল গুৱাহাটীত। অসম আৰক্ষীৰ বিশেষ শাখাৰ তথ্যৰ আধাৰত মহানগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলা গৰাকীক। জব্দ প্ৰায় ৮৫০০ টা নিচাজাতীয় য়াবা মেঠ টেবলেট।

ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বাবে মূৰৰ কামোৰণী হৈ পৰিছে অসম আৰক্ষী। ড্ৰাগছমুক্ত অসমৰ সংকল্প লোৱাৰ পিছৰে পৰা অসম আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে কেইবাজনো ড্ৰাগছ মাফিয়াক।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে প্ৰতিদিনে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে বিগত কিছুদিন ধৰি মহানগৰ আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

মহানগৰ আৰক্ষীয়ে মহানগৰী গুৱাহাটীৰ ড্ৰাগছৰ ঘাটি হিচাপে গঢ় লোৱা অঞ্চল সমূহত ধাৰাবাহিক অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ কৰিছে। আনকি কিছুদিন পূৰ্বে মহানগৰ আৰক্ষীয়ে ড্ৰাগছৰ পাৰ্টী অনুষ্ঠিত কৰা ১৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি প্ৰথমবাৰৰ বাবে গুৱাহাটীত কোকেইন জব্দ কৰিছিল।

মহানগৰ আৰক্ষীয়ে পুনৰ গুৱাহাটীত ড্ৰাগছ বিৰোধী অভিযান চলাই এগৰাকী মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীৰ বিশেষ শাখাৰ এক তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে।

শ্বিলংৰ পৰা আহি ভঙাগড়ৰ কুঞ্জলতা লজত আছিল মিজোৰামৰ খুমী খাওৱাঙ নামৰ ৪৫ বছৰীয়া মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকী। আৰক্ষীয়ে মহিলা গৰাকী থাকে কুঞ্জলতা লজৰ কোঠালিত তালাচী চলাই প্ৰায় ৮৫০০ টা য়াবা মেঠ নামৰ নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে মহিলা গৰাকীক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।