মানকাচৰ : মানকাচৰৰ পাঁচ গৰাকী শিক্ষিত উদ্যমী যুৱকৰ সেউজ বিপ্লৱ। বগৰী খেতি আৰু পশু পালনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহ গৰাকীক কৰ্ম সংস্থাপন প্ৰদানৰ নিদৰ্শন দাঙি ধৰিছে মানকাচৰৰ শিক্ষিত পাঁচ গৰাকী যুৱকে। ফাইভ ষ্টাৰ লাইভষ্টক নামৰ এটা বেচৰকাৰী সন্থা মুকলি কৰি শিক্ষিত যুৱক পাঁচ গৰাকীয়ে আৰম্ভ কৰিছে কৃষি আৰু পশু পালনৰ কাম।

উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ বৈন্যাপাৰাত জহিৰুল ইছলামৰ নামৰ ভেঞ্চাৰ স্কুলৰ এগৰাকী শিক্ষকৰ নেতৃত্বত পাঁচ গৰাকী শিক্ষিত যুৱকে আৰম্ভ কৰিছে ফাইভ ষ্টাৰ লাইভষ্টক নামৰ এটা ফাৰ্ম। বিগত প্ৰায় ২০ বছৰ পূৰ্বে জহিৰুল ইছলাম বিএছচি পাছ কৰি এখন ভেঞ্চাৰ স্কুলত শিক্ষক হিচাপে কৰ্মত যোগদান কৰিছিল। বিদ্যালয়খনৰ আন শিক্ষকৰ পদ প্ৰদেশীকৰণ হ’ল যদিও জেহৰুল ইছলামৰ পদটো প্ৰদেশীকৰণ নোহোৱাত নিজে স্বাৱলম্বী হোৱাৰ বাবে তেওঁ সঘনাই ইউ টিউবত বিভিন্ন ধৰণৰ পৰামৰ্শমূলক ভিডিঅ’ চাই আহিছিল।

ইউ টিউবৰ ভিডিঅ’ চাই যোৱা বছৰ জেহৰুল ইছলামে ফাইভ ষ্টাৰ লাইভষ্টক নামৰ ফাৰ্মখন মুকলি কৰি প্ৰায় আঢ়ৈ লাখ টকা খৰচ কৰি বগৰী খেতি আৰম্ভ কৰে। ইতিমধ্যে এইবেলি প্ৰায় ২ লাখ টকাৰ বগৰী বিক্ৰী কৰাৰ লগতে আৰু প্ৰায় ৪ লাখ টকাৰ বগৰী বিক্ৰী কৰিব পাৰিব বুলি ধাৰণা কৰিছে। বগৰী খেতিৰে প্ৰথম বছৰতে ভালেখিনি লাভাম্বিত হৈছে। বগৰী খেতিৰ লগতে ফাৰ্মখনৰ জৰিয়তে এইবেলি আৰম্ভ কৰা হৈছে পশু পালন।

৩৫ টা বিভিন্ন প্ৰজাতিৰ ছাগলী, দুটা গৰু পালন কৰা হৈছে ফাৰ্মখনত। প্ৰতিদিনে গৰু দুটাৰ পৰা প্ৰায় ৩০ লিটাৰ গাখীৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ফাৰ্মখনত পাঁচ গৰাকী লোকক কৰ্ম সংস্থাপন দিয়াত লগতে অনাগত দিনত ফাৰ্মখনৰ জৰিয়তে যাতে শতাধিক লোকক কৰ্ম সংস্থাপন দিব পাৰে তাৰ ইয়াৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ কথা প্ৰকাশ কৰিছে ফাৰ্মৰ কৰ্মকৰ্তা সকলে। চৰকাৰীভাৱে আৰ্থিক সহায় লাভ কৰিলে আৰু বহু নিবনুৱাই ইয়াৰ জড়িয়তে কৰ্মসংস্থাপন লাভ কৰিব।