গুৱাহাটী : হাতী মানুহৰ সংঘাত বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা। এই সংঘাতৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি এটা নিয়মীয়া ঘটনাত পৰিগনিত হৈছে। এনে এক জীয়া সমস্যাৰ পোনপ্ৰথম বাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞা ৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাতৰ সমাধান সূত্ৰ উলিয়াই বিশেষভাৱে সফল হোৱা দেখা গৈছে।

এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ এখন তথ্য চিত্ৰ নাম “হাতী বন্ধু”। ইংৰাজীত নাম ৰখা হৈছে ” ফ্রেণ্ডছ অৱ এলিফেণ্ট”। ইতিমধ্যে চেন্সৰ চাৰ্টিফিকেট লাভ কৰা হাতী বন্ধুৰ ৬ ফেব্ৰুৱাৰীত “অনুৰাধা চিনেপ্লেক্স” বিশেষ প্ৰদৰ্শন ব্যৱস্থা কৰা হৈছে। “ব্ৰিজ” চিনেমাখনেৰে সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতাই হাতী বন্ধুৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰখনৰ প্ৰযোজনা কৰিছে সবিতা দেবীয়ে।

বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই ইংৰাজী আৰু নয়ন প্ৰসাদে অসমীয়াত ধাৰা বিবৰণী কৰিছে। চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভা। ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে (মুম্বাই) সম্পাদনা কৃপাল কলিতা ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ কাশ্যপ। এনিমেছন ভাস্কৰ শইকীয়া। গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ। ছাবটাইটেল শ্ৰুতি ভট্টাচাৰ্য্য। শব্দগ্ৰহন খুজিলে শৰ্মা।