গুৱাহাটী : চান্দা সংস্কৃতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। চান্দা সংস্কৃতিৰ মূল সদাগৰ হিমন্ত বিশ্ব শৰ্মা নিজেই। তেওঁ পূৰ্বতে কি কৰিছে সেয়া সকলোৱে জানে বুলি চান্দা সংস্কৃতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

চান্দা সংস্কৃতিকলৈ সৰৱ হৈ উঠা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। ৰাজ্যত চান্দা সংস্কৃতি বন্ধ কৰাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই চান্দা সংস্কৃতিৰ মূল সদাগৰ বুলি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে লগতে কয় যে ধন দাবী কৰি এটা সময়ত পানবজাৰ থানাতো আছিল হিমন্ত বিশ্ব শৰ্মাই। সেই কথা সকলোৱে জানে। মুখ্যমন্ত্ৰী হৈ এনে তৰল কথাত লাগি থাকিব নালাগে, নহ’লে চৰকাৰখনে উন্নয়নমূলক কাম কেনেকৈ কৰিব বুলি কয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ‍্যোতি বৰুৱাই।

ইফালে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি আহিছে গতিকে শ্বেৰমান আলীক গ্রেপ্তাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ বুলিও কয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে। বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ সাম্প্রদায়িক মন্তব্যই শাসকীয় পক্ষকহে লাভান্বিত কৰিছে বুলিও কয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

প্ৰৱঞ্চক মৃদুপৱন নেওগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে মৃদুপৱন নেওগৰ দৰে এজন ঠগ-প্ৰৱঞ্চকক অসম আৰক্ষীয়ে আটক কৰিব নোৱাৰাটোৱেই অসম আৰক্ষী কিমান স্মাৰ্ট বুজাইছে। মৃদুপৱন নেওগে আৰক্ষী অধীক্ষকৰ মুখা খুলিম বুলি ভাবুকি দিছে ইয়াৰ মানে নিশ্চয় মৃদুপৱন নেওগৰ হাতত কিবা তথ্য আছে।

ভাবুকি দিয়াৰ পিছতো আৰক্ষী অধীক্ষকয়ে কিয় মৃদুপৱন নেওগক গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় মৃদুপৱন নেওগক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোৱে বুজাই যে আৰক্ষীয়ে প্ৰৱঞ্চকজনক পলাবলৈ সুবিধা কৰি দিছে।