জনীয়া, সংবাদ ৩৬৫, ২১ জুলাই : জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত বানপানীৰ ভয়াবহতা কিছু পৰিমাণে কমিছে যদিও বৰ্তমানলৈকে শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বণ্যাক্ৰান্তই নিজ নিজ ঘৰলৈ উভতি যোৱাৰ পৰিবেশ হৈ উঠা নাই । অন্যহাতে বন্যাক্ৰান্তই নিজৰ নিজৰ পশু ধনক লৈ গভীৰ সংকটত পৰা পৰিলক্ষিত হৈছে। বহুতৰেই গৰু-ম’হৰ কাৰণে গোটাই ৰখা খেৰ পানীত উটি যোৱাৰ লগতে পচিও গৈছে।

সম্প্ৰতি কলপাতৰ লগতে বিভিন্ন গছৰ পাত খোৱাই যেনে তেনে জীয়াই ৰাখিছে পশুধন। চৰকাৰৰ ফালৰ পৰা মানুহে অলপ পৰিমাণে হ’লেও চাউল-দালি আদি সাহাৰ্য্য নোপোৱা নহয়। কিন্তু পশুধনৰ বাবে পোৱা নাই পৰ্যাপ্ত সাহাৰ্য্য। গোহালিত পানী পথাৰত নাই ঘাঁহ তেনে অৱস্থাত বিপদত ঠাই নধৰা হৈছে গৃহস্থৰ। ৰাইজে চৰকাৰৰ পৰা মানুহৰ কাৰণে সাহাৰ্য্য দিয়াৰ পৰিৱৰ্তে পশুধন জীয়াই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পশু খাদ্য যোগান ধৰিবলৈ চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে।