নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ জুলাই : যি ঘৰত ৰন্ধন কাৰ্য্য কৰা হয় সেয়ে পাকঘৰ । এটা পাকঘৰে ৰীতি-নীতি আৰু সংস্কৃতিৰ বাৰ্তা বহন কৰে । ইয়াত ৰন্ধন কাৰ্য্যৰ লগত ব্যৱহৃত সামগ্ৰীসমূহ ৰখা হয় আৰু বিভিন্ন প্ৰকাৰৰ ৰন্ধন কাৰ্য্য কৰা হয় । পাকঘৰ এটা সাধাৰণতে ৰখা হয় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ এটা স্বাস্থ্যকৰ পৰিৱেশত । পাছে মধ্যপ্ৰদেশত এটা শৌচাগাৰক ব্যৱহাৰ কৰিছে ৰন্ধন কাৰ্যৰ বাবে ।

মধ্য প্ৰদেশৰ এটা অংগনৱাডী কেন্দ্ৰত মধ্যহ্ন ভোজনৰ বাবে শৌচাগাৰ ব্যৱহাৰ কৰা ঘটনাই সম্প্ৰতি সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিওটোত অস্বাস্থ্যকৰ পৰিবেশত শৌচাগাৰৰ পাকঘৰটোৰ এটা ষ্টোভত কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে খাদ্য প্ৰস্তুত কৰি আহিছে ।

উক্ত বিষয়টোৰ সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়নৰ জিলা বিষয়া দেৱেন্দ্ৰ সোনদয়ালে কয় যে,‘এটা আত্ম সহায়ক গোটে এই শৌচাগাৰটো নিয়ন্ত্ৰণ কৰে আৰু এটা অস্থায়ী পাকঘৰ হিচাপে ব্যৱহাৰ কৰি আছে৷ এই ঘটনাৰ বাবে অংগনৱাডী ছুপাৰভাইজাৰ, কৰ্মী আৰু সহায়িকাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।