গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুলাই : সমগ্ৰ গুৱাহাটী মহানগৰী পৰিষ্কাৰ কৰাৰ অৰ্থে লোৱা হৈছে এক বিশেষ পদক্ষেপ । মুকলি কৰা হ’ল “ফ্লায়িং স্কোৱাড” । মুঠ ৬ গৰাকী কাৰ্যক্ষম শ্ৰমিক “ফ্লায়িং স্কোৱাড” হিচাপে নিয়োগ কৰা হৈছে। মঙ্গলবাৰে মহানগৰীৰ দিছপুৰস্থিত চুপাৰ মাৰ্কেট খেলপথাৰত এই “ফ্লায়িং স্কোৱাড” আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

ইয়াৰোপৰি একোজন স্কোৱাড এটা এটা অঞ্চললৈ যাব আৰু অপৰিস্কাৰ ঠাই পৰ্যবেক্ষণ কৰি পৰিষ্কাৰ কৰিব। একোজনকৈ কাৰ্যবাহী অভিযন্তাৰ নেতৃত্বত যাব স্কোৱাড দলটো।

আনহাতে মহানগৰবাসীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰিব এৱাৰনেছ চেম্পেইন । অহা ১৩ জুলাইৰ পৰা প্ৰত্যেক দিনা ৪ টাকৈ ৱাৰ্ডত চলোৱা হ’ব সজাগতা অভিযান। ২৬ নং ৱাৰ্ডৰ পৰা আৰম্ভ হ’ব এই অভিযান।