পলাশবাৰী, সংবাদ ৩৬৫, ৯ জুলাই : ৰাজ্যত সংহাৰী ৰূপ ধাৰন কৰিছে জাপানীজ এনকেফেলাইটিজে । জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ অৰ্ধশতাধিক লোক মৃত্যুমুখত পৰিছে বৰ্তমানেও চিকিৎসাধীন হৈ আছে বহুতো লোক । পুনৰ যাতে এই ৰোগ অধিক বৃদ্ধি নাপাই তাক লৈ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত সজাগতা সভা অনুস্থিত কৰা হয় ।

পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগান,পলাশবাৰী বজাৰাপাৰাত অনুস্থিত কৰা হয় সজাগতা সভা । বৰদুৱাৰ বাগানত স্বেচ্ছাসেৱী সংগঠন সমন্বয় সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত অনুস্থিত হয় আৰু বজাৰাপাৰাত গাও স্বাস্থ্য আৰু অনাময় সমিতিৰ উদ্যোগত অনুস্থিত হয় ।

অঞ্চলবাসীৰ ৰাইজক সভাখনত সম্প্ৰতি বাৰিষাৰ সময়চোৱা সকলোকে সাৱধানে চলিব দিয়াৰ লগতে এই ৰোগসমুহৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহন কৰে । এই ৰোগসমুহ প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ আলোচনা কৰা হয় । এই সজাগতা সভাত বিশিষ্ট পশু চিকিৎসক ডা° চন্দন কুমাৰ শৰণীয়া উপস্থিত থাকি ৰোগ সংক্ৰমিত হ’ব পৰা বাহকসমূহৰ বিষয়ে উল্লেখ কৰে ।